নগাঁও: সংখ্যা গৰিষ্ঠতা নথকা স্বত্বেও সকলো জল্পনা কল্পনাৰ তল পেলাই অতি কৌশলপূৰ্ণ ভাৱে জিলা পৰিষদৰ সভাপতিৰ পদটো অনুসুচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত কৰি বিজেপিয়ে বহু চৰ্চিত নগাঁও জিলা পৰিষদ গঠন কৰিবলৈ সক্ষম হ’ল। ২৯ খন আসনেৰে গঠিত নগাঁও জিলা পৰিষদৰ অন্তৰ্গত অনুসুচিত জাতিৰ একমাত্ৰ সদস্য বিজেপি দলৰপৰা থকাত এই পদটোত বিজেপি দলৰ পূৱথৰীয়া জিলা পৰিষদ সমষ্টিৰ সদস্যা মুনমুনী দাস বৰাই বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হয়। 

বৃহস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে জিলা পৰিষদৰ সভানেত্ৰী হিচাপে বৰাই  বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হয় বুলি জিলা উপায়ুক্ত‌ই ঘোষণা কৰে। আনহাতে, সকলোৰে বাবে মুকলি থকা উপ-সভাপতি পদটোত এ আই ইউ ডি এফ দলৰ সদস্যৰ সমৰ্থনত অৱশেষত বিজেপিৰ দখললৈ যায়।  

কোনো এটা দলৰে একক সংখ্যা গৰিষ্ঠতা নথকা এই পদটোৰ বাবে তিনিগৰাকীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে শাসকীয় বিজেপিৰপৰা চাপৰমুখ জিলা পৰিষদ সমষ্টিৰ সদস্য প্ৰমোদ চন্দ্ৰ লস্কৰ, কংগ্ৰেছৰপৰা শিঙিমাৰী-মাধৱপাৰা জিলা পৰিষদ সমষ্টিৰ ইন্দ্ৰ মোহন দাস আৰু অগপৰপৰা জুৰীয়া জিলা পৰিষদ সমষ্টিৰ সদস্যা মুৰ্শিদা বেগমে প্ৰতিদ্বন্দিতা কৰে। 

ভোটিঙৰ জৰিয়তে হোৱা প্ৰতিদ্বন্দিতা বিজেপিৰ প্ৰমোদ চন্দ্ৰ লস্কৰ উপ-সভাপতি পদত নিৰ্বাচিত হয়। উপ-সভাপতি পদৰ বাবে হোৱা নিৰ্বাচনত বিজেপিৰ বিজয়ী প্ৰাৰ্থী গৰাকীয়ে ১৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ১২ টা আৰু অগপৰ প্ৰাৰ্থী গৰাকীয়ে মাত্ৰ দুটা ভোট লাভ কৰে। 

উল্লেখ্য যে, সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত ২৯ জন জিলা পৰিষদ সদস্যৰে গঠিত নগাঁও জিলা পৰিষদৰ ১২ খন আসন বিজেপিয়ে দখল কৰাৰ লগতে কংগ্ৰেছে ১১ খন, অগপ আৰু এ আই ইউ ডি এফে প্ৰত্যেকেই ৩ খনকৈ আসন দখল কৰিছিল। কিন্তু উপ-সভাপতি পদত অনুষ্ঠিত নিৰ্বাচনত বিজেপিৰ বিজয়ী উপ-সভাপতি গৰাকীয়ে অতি আচৰ্যজনকভাৱে ১৪ টা ভোট লাভ কৰে। আনহাতে, কংগ্ৰেছৰ ১২ টা আৰু অগপৰ প্ৰাৰ্থী গৰাকীয়ে মাত্ৰ দুটা ভোটহে লাভ কৰিবলৈ সক্ষম হয়।