newsnextone.com | মোৰাঝাৰঃ মধ্য প্ৰাচ্যৰ এশগৰাকী শীৰ্ষ ব্যৱসায়ীৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে বদৰুদ্দিন আজমলৰ পৰিয়ালৰ সদস্যৰ নাম৷ বিশ্বত সুগন্ধিৰ ব্যৱসায় কৰি নাম আৰ্জন কৰা আজমল পৰিয়ালৰ সন্তানে বিশ্বৰ অন্যতম আলোচনী ফ’ৰ্বছৰ নজৰক পৰিছে৷

আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত উজলি উঠা আজমল পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ সন্তান তথা সাংসদ বদৰুদ্দিন আজমলৰ ডাঙৰ ভাতৃ আমিৰুদ্দিন আজমলৰ পুত্ৰ আব্দুল্লাহ আজমলক বিশ্বৰ আগশাৰীৰ আলোচনী ফ’ৰ্বছে মধ্য প্ৰাচ্যৰ এশগৰাকী শীৰ্ষ ব্যৱসায়ীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰে৷

ফ’ৰ্বছয়ে মধ্য প্ৰাচ্যত ব্যৱসায় কৰা এশজন শীৰ্ষ ভাৰতীয় উদ্যোগপতিৰ তালিকাত আব্দুল্লাহ আজমলক স্থান দিয়ে৷ যোৱা 8 মে’ত ডুবাইত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশ্বৰ অন্যতম ধণাঢ্য লোকৰ সন্মুখত ফ’বৰ্ছে আব্দুল্লাহ আজমলক এই স্বীকৃতি দিয়ে৷

মধ্যপ্ৰাচ্যত টপ-১০০ বিজনেছ লিডাৰ সন্মান গ্ৰহণ কৰি আব্দুল্লাহ আজমলে সেই অনুষ্ঠানত অংশ লৈ অসমীয়াৰ হিচাপে গৌৰৱ প্ৰকাশ কৰা বুলি কয়৷ পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ সন্তানে মধ্য প্ৰাচ্যত অসমীয়াৰ পৰিচয় দিয়াত সাংসদ বদৰুদ্দিন আজমলে সন্তুষ্টি প্ৰকাশ কৰি টুইট কৰি ভতিজাক শুভেচ্ছা যাচে৷