পাঞ্জাবাৰীঃ মহানগৰীৰ বেলতলাৰ সৌৰভ নগৰত যোৱা ২০ মে'ত সংঘটিত অগ্নিকাণ্ডৰ ফলত ঘৰ-বাৰী হেৰুওৱা প্ৰভাৱতী বণীয়া নামৰ বিধবা পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে স্থানীয় কেইজন সু-হৃদয়বান যুবক।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ ১৫ টাকৈ দিন উকলি যোৱাৰ পিছতো এই পৰ্য্যন্ত কোনো ৰজাঘৰীয়া লোক খবৰ লবলৈ ঘটনাস্থলীত উপস্থিত হোৱা নাই।

তাৰ পৰিৱৰ্তে আজি যুৱ ছাত্ৰ পৰিষদৰ বেলতলা আঞ্চলিক সমিতিয়ে স্থানীয় কেইজন মান যুৱকৰ সহযোগত পৰিয়ালটোৰ নিত্য ব্যৱহাৰ্য্য সা-সামগ্ৰী সমূহ প্ৰদান কৰাৰ লগতে সৌৰভ নগৰ যুৱক সংঘই জীৱন নিৰ্বাহৰ বাবে এটি বাহৰ ঘৰ সাজি দিয়ে।

স্বামীহাৰা বিধবা মহিলা গৰাকীয়ে কেইটামান বাহৰ ঘৰ ভাড়ালৈ দি কোনোমতে দূবেলা দুমুঠি অন্ন গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰি আছিল।

এতিয়া সেই সকলো জুইত জাহ যোৱাৰ ফলত দিশহাৰা হৈ পৰে মহিলা গৰাকী।সাংবাদিকৰ প্ৰশ্নত উচুপি উঠা মহিলা গৰাকীয়ে তেঁওক নিস্বাৰ্থ ভাবে সহায় কৰিবলৈ আগবাঢ়ি অহা সকলো পক্ষকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।