চিচিবৰগাঁওঃ জীয়াঢলৰ বানে সংহাৰী ৰূপ ধাৰণ কৰা ধেমাজিৰ ভিন্ন প্ৰান্তত বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বানাক্ৰান্তসকলৰ মাজত সাহায্য বিতৰণ কৰে।
পুৱাৰে পৰা সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঞিৰ নেতৃত্বত ধেমাজি জিলা সমিতিৰ সভাপতি নৃপেন ভিতৰুৱাল কোৱঁৰ, সাধাৰণ সম্পাদক নিৰঞ্জন দাস, উপ সভাপতি প্ৰিয়াংকু চুতীয়া আৰু যুটীয়া সম্পাদক বিষ্ণু শৰ্মাৰ লগতে বৰদলনি, গোগামুখ আৰু ধেমাজি সদৰ আঞ্চলিক সমিতিৰ শতাধিক কৰ্মীয়ে বানপীড়িত ৰাইজৰ ওচৰত সাহায্য লৈ উপস্থিত হয়।