73
গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে এখন ভক্তিমূলক গীতৰ শ্ৰব্য চিডি উন্মোচন কৰা হয়। ‘জয় যদুপতি’ শীৰ্ষক শ্ৰী শ্ৰীভট্টদেৱ অাৰু শ্ৰী শ্ৰীদামোদৰ দেৱৰ গীতৰ এই শ্ৰৱ্য চি ডিখনত কণ্ঠদান কৰিছে বিশিষ্ট কণ্ঠশিল্পী প্ৰভাত শৰ্মা, তৰালী শৰ্মা, মাকন মিশ্ৰ, দীনেশ নাৰায়ণ দেৱগোস্বামী আৰু শ্ৰেয়সী গোস্বামীয়ে।
শ্ৰীশ্ৰীদ্বিপৰ সত্ৰ নিবেদিত ‘জয় যদুপতি’ শ্ৰব্যখনৰ সংগীত ব্যৱস্থাপনা প্ৰভাত শৰ্মা অাৰু জিন্টু বৰদলৈৰ। প্ৰযোজনা কৰিছে মাকন মিশ্ৰই।