63
ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘেগেৰ আলগাত ৬ বছৰীয়া কিশোৰীৰ সলিল সমাধি হোৱাত অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰে।
প্ৰাপ্ত বাতৰি মতে, বুধবাৰে বিয়লি প্ৰায় ৪ মান বজাত ঘেগেৰ আলগা ১ম খণ্ড গাঁৱত হেলিকপ্তাৰেৰে চৰকাৰে বিতৰণ কৰি থকা বিস্কুট ল’বলৈ উক্ত গাঁৱৰ মিজানুৰ ৰহমানৰ কন্যা তথা ২য় শ্ৰেণীৰ ছাত্ৰী খাদিজা খাতুনে (৬) খৰখেদাকৈ যায়।