Home ৰাজ্যওদালগুৰি কপালে যুৱ-ছাত্ৰ পৰিষদে

ওদালগুৰি কপালে যুৱ-ছাত্ৰ পৰিষদে

by News Desk
78 views
A+A-
Reset

ওদালগুৰিঃ ওদালগুৰিত নগাঁও কাণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিয়ে নগাঁও কাণ্ডৰ প্ৰতিবাদত আজি সন্ধিয়া জোৰ সমদল উলিয়ায়। অনা অসমীয়া ব্যৱসায়ীয়ে অসমীয়া যুৱকক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰাৰ প্ৰচেষ্টা চলোৱাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

ওদালগুৰি চহৰৰ মাজমজিয়াৰে প্ৰায় শতাধিক কৰ্মীয়ে অসমীয়া বিৰোধী হুচিয়াৰ, খিলঞ্জীয়াক অত্যাচাৰ সহ্য কৰা নহব আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। যুৱ-ছাত্ৰ পৰিষদৰ নেতা ধ্ৰুৱনাৰায়ণ চৌধুৰীয়ে অসমৰ বায়ু, পানী সেৱন কৰি একাংশই অসমত বাস কৰা অসমীয়াকে  বাৰম্বাৰ অত্যাচাৰ কৰি আহিছে বুলি কয়। এনে অত্যাচাৰ সহ্য কৰা নহব। অনাগত দিনত এই ঘটনাৰ পুনৰাবৃত্তি হ’লে অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ হুংকাৰ দিয়ে চৌধুৰীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0