পাঞ্জাবাৰীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিৰ অন্তৰ্গত লালুং গাঁও শাখা সমিতিয়ে সোমবাৰে শ্ৰমদানেৰে ভদ্ৰেশ্বৰ-লালুং পথ মেৰামতি কৰে। 

মহানগৰীৰ প্ৰায়বোৰ বাট-পথ-উপপথ এতিয়া যাতায়তৰ বাবে অনুপযোগী হৈ পৰাৰ সময়তে স্থানীয় বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ব্যৱস্থা নোলোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষোভ উজাৰি সংগঠনটোৱে জৰাজীৰ্ণ পথটো মেৰামতি কৰে। 

সংশ্লিষ্ট বিষয়-ববীয়াক কাকুতি-মিনতি কৰাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাত সংগঠনটোৰ নেতা-কৰ্মীয়ে অৱশেষত শাখা সমিতিখনৰ সদস্যসকলে উক্ত পথতো মেৰামতি কৰি যাতায়তৰ বাবে উপযোগী কৰি তোলে। 

শ্ৰমদান কাৰ্য্যসুচীত উপস্থিত থাকি মহানগৰ সমিতিৰ সাংগাঠনিক সম্পাদক বিদ্দেশ্বৰ ৰায়, প্ৰচাৰ সম্পাদক সুনীল পাটৰ আৰু পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক চন্দন ঠাকুৰীয়াও শ্ৰমদান কৰে।