69
পাঞ্জাবাৰীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিৰ অন্তৰ্গত লালুং গাঁও শাখা সমিতিয়ে সোমবাৰে শ্ৰমদানেৰে ভদ্ৰেশ্বৰ-লালুং পথ মেৰামতি কৰে।
মহানগৰীৰ প্ৰায়বোৰ বাট-পথ-উপপথ এতিয়া যাতায়তৰ বাবে অনুপযোগী হৈ পৰাৰ সময়তে স্থানীয় বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ব্যৱস্থা নোলোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষোভ উজাৰি সংগঠনটোৱে জৰাজীৰ্ণ পথটো মেৰামতি কৰে।