নাৰায়ণপুৰঃ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতিক গুৰুত্ব নিদিয়াত প্ৰতিবাদৰ জোৱাৰ উঠিছে ৰাজ্যত৷ অসমৰ ভয়াবহ বান পৰিস্থিতিক কেন্দ্ৰীয় চৰকাৰে অৱহেলা কৰা কাৰ্য্যক তীব্ৰ প্ৰতিবাদ জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদে।
অসমৰ বান সমস্যাক সামান্যতমো গুৰুত্ব প্ৰদান নকৰি গুজৰাটত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা কাৰ্য্য আৰু অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা নকৰাত ক্ষুন্ন হৈ যুৱ-ছাত্ৰ সংগঠনটোৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।