ডিজিটেল ডেস্কঃ দেশত ক্ৰমাত বৃদ্ধি পাইছে চেলফি উন্মাদনা৷ এই উন্মাদনাৰ ফলতেই প্ৰায় প্ৰত্যেক দিনাই শোকাৱহ মৃত্যুক সাবটি ল’বলগীয়া হৈছে বহুতে৷ পুনৰ তেনে এক ঘটনাৰ পুনৰাবৃত্তি ঘটিল বাংগালুৰুত৷ 

বেংগালুৰু মিৰ’ৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বানেৰঘাটা জীৱবিজ্ঞান উদ্যানত সংঘটিত হয় এই ঘটনা৷ মংগলবাৰ বাবে উক্ত দিনা বন্ধ আছিল উদ্যানখন৷ কিন্ত দুই বন্ধুৰ সৈতে অভিলাষ নামৰ যুৱকজন গৈছিল উদ্যানলৈ৷ 

তাতেই দতাল হাতীৰ সন্মুখত চেলফি ল’বলৈ যাওঁতেই অকস্মাত হাতীটোৰ আক্ৰমণৰ সন্মুখীন হয় অভিলাষ৷ ঘটনাস্থলীতেই ৩০ বছৰীয়া যুৱকজনে মৃত্যুক সাবটি লয়৷ 

উক্ত ঘটনাই এতিয়া উদ্যানখনৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে৷ কিয়নো বন্ধৰ দিনত কেনেকৈ এই যুৱককেইজন উদ্যানখনত প্ৰৱেশ কৰিছিল সেই কথাই এতিয়া ভবাই তুলিছে সকলোকে৷