গুৱাহাটী/শিৱসাগৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে মাওবাদী গোচৰত জামিন লাভ কৰাৰ পাছতে পুনৰ গ্রেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক (বৰ্তমান নাগৰিকত্ব সংশোধনী আইন)ৰ বিৰুদ্ধে শিৱসাগৰত হোৱা গণপ্ৰতিবাদৰ সময়ত ৰুজু কৰা এক গোচৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰাই শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অখিল গগৈক৷
বৃহস্পতিবাৰে পুৱা প্ৰায় ৫.৩০ বজাত শিৱসাগৰ আৰক্ষীৰ এটা দলে কাৰাগাৰৰ পৰা লৈ যায় অখিল গগৈক৷ জানিব পৰা মতে, NIAৰ আদালতত জামিন লাভৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ পৰিপ্ৰেক্ষিততে অখিলক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ যোৱা তিনি দিনৰ পৰা গুৱাহাটীত বাহৰ পাতি আছিল শিৱসাগৰ আৰক্ষীৰ উক্ত দলটো।