ডিফুঃ ক'ৰনা ভাইৰাছৰ পৰা হাত সাৰি থাকিবৰ বাবে ল’বলগীয়া বিভিন্ন সাৱধানতাৰ বাতৰিয়ে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। ইয়াৰ মাজতে কৰ’না বিষয়ক বা-বাতৰি তথা বিভিন্ন উৰাবাতৰিয়ে সাধাৰণ ৰাইজক আতংকিত কৰি তোলাও দেখা গৈছে। ভিতৰুৱা গ্ৰাম্যঞ্চলৰ অধিকাংশ লোকে এতিয়াও প্ৰকৃত খবৰৰ পৰিৱৰ্তে বিভিন্ন উৰাবাতৰিকে সত্য বুলি ধৰি লৈছে। কৰ’নাতংকক লৈ উৰাবাতৰিৰ কবলত পৰা ঠাইসমূহৰ ভিতৰত অন্যতম হৈছে কাৰ্বিং আংলং।

ছেনিটাইজাৰৰ পৰিপূৰক নেকি চুলাই মদ!

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হলৌখোৱা, ছিলনীজানকে আদি কৰি ভিতৰুৱা প্ৰায়সমূহ অঞ্চলতে কৰ’নাক কেন্দ্ৰ কৰি প্ৰচাৰ হৈ থকা বিভিন্ন উৰাবাতৰিয়ে বিভ্ৰান্ত কৰি তুলিছে একাংশ অশিক্ষিত লোকক। বাতৰিৰ লগতে উৰাবাতৰিসমূহে আতংকিত কৰি তুলিছে এইসকল লোকক। বাতৰি কাকতৰ প্ৰচলন নথকা হেতুকে এইসকল লোকৰ খবৰ লাভৰ একমাত্ৰ মাধ্যম হৈছে ইলেক্ট্ৰনিক মাধ্যম আৰু ছ’চিয়েল মিডিয়া।

টিভি তথা ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ থকা কৰ’নাৰ পৰা হাত সাৰি থাকিবলৈ ল’বলগীয়া সাৱধানতাসমূহ যেনে হাত পৰিষ্কাৰ কৰি ৰাখিবলৈ এলক’হল যুক্ত ছেনিটাইজাৰ ব্যৱহাৰ কৰা, মাক্স পিন্ধা, কথা পতাৰ সময়ত এজনে আনজনৰ সৈতে দূৰত্ব বৰ্তাই ৰখা, হেণ্ডচেক কৰাৰ পৰা বিৰত থাকিবলৈ আগবঢ়োৱা পৰামৰ্শসমূহে বাৰুকৈয়ে বিমোৰত পেলাইছে এইসকল লোকক। 

কিয়নো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰেকৈ কাৰ্বি আংলঙৰ বজাৰতো এতিয়া চেনিটাইজাৰৰ নাটনি আৰু কোনো কোনো ঠাইত সেয়া উপলব্ধ হ’লেও অধিক দামৰ বাবে সাধাৰণ লোকে কিনিবলৈ অপাৰগ। সেয়ে ছেনিটাইজাৰৰ বিকল্প হিচাপে তেওঁলোকৰ বহুতে এতিয়া ব্যৱহাৰ কৰিবলৈ লৈছে সুৰাৰ বিপণীৰ পৰা কিনি অনা ৱাইন অথবা সহজলভ্য চুলাই। বাতৰিসমূহত এলক’হলযুক্ত ছেনিটাইজাৰৰ কথা শুনি তেওঁলোকে ধাৰণা কৰি লৈছে যে ছেনিটাইজাৰত যিহেতু এলক’হল থাকে গতিকে এলক’হল থকা চুলাই মদ বা বিলাতী সুৰা ব্যৱহাৰ কৰিলেও কৰ’নাৰ পৰা হাত সাৰি থাকিব পৰা যাব। 

এনেদৰে এতিয়া ছেনিটাইজাৰৰ নাটনিৰ বাবে জিলাখনৰ ভিন্ন প্ৰান্তৰ বহু সংখ্যক লোক চুলাই অথবা ৱাইনকে ছেনিটাইজাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা দেখা গৈছে। বহুতে চুলাই মদ হাত ধোৱাতেই নহয়, কেনেবাকৈ ডিঙিৰ ভিতৰত কৰ’না ভাইৰাছ প্ৰৱেশ কৰিব পাৰে বুলি ভাবি লৈ ভাইৰাছক নিঃশেষ কৰিবলৈ সেয়া ঔষধ হিচাপে খোৱাও পৰিলক্ষিত হৈছে।

কৰ'নাক ৰুধিবলৈ ঘৰৰ চৌপাশে ছটিয়াইছে চুলাই, বিলাতী সুৰা

অসমত বৰ্তমানলৈ কৰ’না ভাইৰাছত কোনো লোক আক্ৰান্ত হোৱা নাই যদিও ৰাজ্য চৰকাৰে আগতীয়াকৈ গ্ৰহণ কৰা সজাগতাসমূহক আদৰণি জনাইছে কাৰ্বি আংলংবাসীয়েও। মাস্ক, ছেনিটাইজাৰৰ ব্যৱহাৰ সম্পৰ্কে জিলাখনৰ অধিকাংশ লোকেই সচেতন হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে কোনো দুষ্ট চক্ৰই ছ’চিয়েল মিডিয়াৰ জৰিয়তে এলক’হল সেৱন কৰিলে কৰ’না ভাইৰাছৰ পৰা হাত সাৰি থাকিব পৰি বুলি কৰা অপপ্ৰচাৰে প্ৰভাৱান্বিত কৰিছে একাংশ লোকক। 

এই অপপ্ৰচাৰৰ গইনা লৈয়ে এতিয়া একাংশ চুলাই আৰু সুৰা ব্যৱসায়ীয়ে অত্যাধিক মুনাফা লাভৰ বাবে উঠি-পৰি লাগিছে। জিলাখনৰ কেবাখনো গাৱঁৰ লগতে হলৌখোৱা অঞ্চলৰ একাংশ লোকে এনে সুৰা ব্যৱসায়ীৰ কবলত পৰি ৱাইন আৰু চুলাইকে কৰ’নাৰ ঔষধ হিচাপে ধৰি লোৱা দেখা গৈছে। অঞ্চলটোৰ লোকসকল ইমানেই আতংকিত হৈ পৰিছে যে নিজৰ ঘৰখনৰ বাদে গাৱৰ অন্য লোকসকলৰ সৈতে কথা পাতিবলৈও তেওঁলোক  অনিচ্ছুক। তাৰ মাজতে কেবাগৰাকী লোকে এই প্ৰতিবেদকক জনাই যে কৰ’নাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে এইকেইদিন ঘৰৰ চৌপাশে প্ৰতিদিনে চুলাই মদ ছটিয়াইছে। আনহাতে ব্ৰইলাৰ মাংস খাবলৈ বাদ দিয়া বুলিও জনাই তেওঁলোকে।

'আমাৰ দেছতো আহিছে এইটো বেমাৰ। ব্ৰইলাৰ খোৱা আমি এৰি দিছো। ব্ৰইলাৰতো এইটো বেমাৰ সোমাই আছে। চৰকাৰে কিবা ছেনিটাইজাৰ দি হাত ধুব কৈছে। গৰম বস্তু খাব কৈছে। টিভিত দেখিছো আমি। আমাৰ ল’ৰাটোৰ ফোনতো দেখিছো। আমাৰ মানুহটোৱে কৈছে চৰকাৰে হাত  ধুব দিয়া ছেনিটাইজাৰটো বোলে আমাৰ ইয়াত পোৱা আৰাকটোৰ লগত একেই বস্তু। আৰাকটো দি হাত ধুলেও হ'ব। আমি ২০০ টকাৰ আনিছো। ছটিয়াইছো ঘৰটোৰ সবফালে। বীজাণুটো আহিলেও মৰি যাব। আমাৰ ল’ৰাকিটাক অলপ অলপ খোৱাইছো ভাল হৈ যাব হ'লেও। ৪ দিন ডিঙিতে থাকে বুলি চৰকাৰে কৈছে। এইটো খালে ডিঙিতে মৰি যাব, পেটত নাযায় আৰু। আমাৰ গাঁৱৰ সবেই কিনিছে আৰাক।’-ছেনিটাইজাৰৰ কাম আৰাক নামৰ স্থানীয় চুলাই মদেও কৰে বুলি দাবী কৰি NNOৰ আগত এইদৰে কয় গাওঁখনৰে এগৰাকী মহিলাই।

আতংকিত নহয়, সতৰ্ক হওঁক

কৰ’নাক লৈ সমগ্ৰ বিশ্বতে উদ্ভৱ হোৱা বৰ্তমানৰ পৰিস্থিতিত আতংকৰ পৰিৱৰ্তে এতিয়া অশিক্ষিত লোকসকলৰ মাজত সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰাটো খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিশেষকৈ দুষ্ট চক্ৰই কৰ’নাক লৈ এইসকল লোকৰ মাজত অযুক্তিকৰ আৰু বিভ্ৰান্তিমূলক কথা বিয়পাই দিয়াৰ পৰিপ্ৰেক্ষিতত সজাগতাৰ প্ৰকৃত উপায়সমূহ অৱগত কৰোৱাতোও কঠিন হৈ পৰাৰ দিশে গতি কৰিছে।

কেৱল কাৰ্বিআংলং বুলিয়েই নহয় অসমৰ আন একাধিক অঞ্চলত সৰ্বসাধাৰণ লোকসকলক বলি হৈছে এনে উৰাবাতৰি আৰু অপপ্ৰচাৰৰ। প্ৰশাসনে সময় থাকোতেই ব্যৱস্থা গ্ৰহণ নকৰিলে এনে বিভ্ৰান্তিৰ ফলত বহু ঠাইত কোনো কোনো মুহূৰ্তত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰো সম্ভাৱনাই দেখা দিছে। 

আতংকৰ সৃষ্টি কৰিব পৰা উৰাবাতৰি সমূহ দৃষ্টিগোচৰ হ'লে তেনে বাতৰিৰ বিয়পোৱাসকলৰ বিৰুদ্ধে প্ৰশাসনেও ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন। অন্যথাই সোপাধৰাৰ দৰেকৈ ক'ৰনা ভাইৰাছৰ পৰিৱৰ্তে কৰ’না ভাইৰাছক লৈ বিয়পি পৰা উৰাবাতৰিয়েহে অশিক্ষিত লোকসকলৰ মাজত ভাইৰাছ হৈ অঘটন ঘটাব পাৰে। সেয়ে এই মুহূৰ্তত কৰ’নাক লৈ আতংকিত হোৱাৰ পৰিৱৰ্তে সতৰ্ক থাকিবলৈ বাৰ্তা প্ৰেৰণ কৰাটোৱেই হৈ পৰিছে অতিশয় প্ৰয়োজনীয়।