কোকৰাঝাৰঃ বিটিএডি নিৰ্বাচনৰ প্ৰাকক্ষণত কোকৰাঝাৰত পুনৰ উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ। মঙলবাৰে ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানী আৰু লাওপানী এলেকাৰ পৰা আৰক্ষী আৰু সেনাই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰাৰ পিছত আজি পুনৰ কোকৰাঝাৰ আৰক্ষীয়ে জব্দ কৰে মাৰণাস্ত্ৰ।

প্ৰাপ্ত খবৰ অনুযায়ী পাটগাঁও অঞ্চলৰ মুকেশ ৰায় নামৰ এজন লোকৰ ঘৰৰ পৰা এটা নাইন এমএম পিষ্টল উদ্ধাৰ কৰে কোকৰাঝাৰ আৰক্ষীয়ে। পায়খানাৰ টেংকী কাষত লুকুৱাই থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় উক্ত পিষ্টলটো। 

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশ্যনে সদৰী কৰা মতে এক বিশেষ সূত্ৰৰ পম খেদি কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক (সদৰ) পুনমজিৎ নাথৰ নেতৃত্বত এটা দলে ছেৰফাংগুৰি থানাৰ অন্তৰ্গত পাটগাঁওৰ মুকেশ ৰায়ৰ ঘৰত অভিযান চলায়। অভিযানকাৰী দলটোৱে পিষ্টলটোৰ লগতে এটা মেগজিন আৰু ৫টা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 
 
আৰক্ষীয়ে পিছত অভিযান চলাই মুকেশ ৰায়ক কৰায়ত্ব কৰি অধিক তথ্যৰ সন্ধানত জেৰা আৰম্ভ কৰিছে। আনহাতে কালি মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে কোকৰাঝাৰ আৰক্ষীয়ে।