গোৱালপাৰাঃ পশ্চিম গোৱালপাৰাৰ জয়পুৰত আজি পুৱা সংঘটিত হয় এক অগ্নিকাণ্ড। পঞ্চৰত্ন নদী আৰক্ষী থানাৰ অন্তৰ্গত নতুন জয়পুৰ বজাৰৰ ওচৰত থকা ৰামহৰি (৩ নং খণ্ড) চৰত শুকুমুদ্দিন আলী নামৰ ব্যক্তিজনৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে শুকুমুদ্দিন আলীৰ যৌথ পৰিয়ালৰ চাৰিটাকৈ ঘৰ, সা-সম্পত্তি নিমিষতে সম্পূৰ্ণৰূপে জুইত জাহ যায়।

এই ঘটনাত শুকুমুদ্দিন আলীৰ এটি ৩ বছৰীয়া কন্যা সন্তানে জীৱন্তে অগ্নিদগ্ধ হৈ শোকাৱহ মৃত্যুক সাবতি লয়। অগ্নিকাণ্ডৰ মাজতে কন্যা শিশুটোক উদ্ধাৰ কৰিবলৈ যোৱা দুজনকৈ পুৰুষ-মহিলাও অগ্নিদগ্ধ হৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে। 

স্থানীয় ৰাইজে জনোৱা মতে, খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰা শুকুমুদ্দিন আলীৰ যৌথ পৰিয়ালৰ গৃহকেইটাৰ ওচৰতে আছিল এটি প্ৰকাণ্ড খেৰৰ পুঁজি। দিনৰ প্ৰায় ১০.৩০মান বজাত এই প্ৰকাণ্ড খেৰৰ পুঁজিটোৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। বতাহত জুইৰ লেহিহান শিখা নিমিষতে ওচৰৰৰ ঘৰকেইটালৈ বিয়পি পৰে। 

সেই সময়তে শুকুমুদ্দিন আলীৰ তিনি বছৰীয়া কন্য চামিনা খাতুনে ঘৰৰ ভিতৰত আবদ্ধ হৈ মৰণকাতৰ চিঞৰ মাৰিবলৈ ধৰে। ঘৰকেইটাত লগা জুই ইমানেই ভয়াৱহ আছিল যে জুইৰ মাজত আবদ্ধ হৈ পৰা কন্যা শিশুটোক অপ্ৰাণ চেষ্টা চলাইও জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। ফলত জীৱন্তে জ্বলি ছাই হৈ পৰে শিশুটো। অমায়িক শিশুটোৰ কৰুণ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। 

ইফালে শিশুটোক ভয়ানক জুইৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ চলোৱা প্ৰচেষ্টাত অগ্নিদগ্ধ দুজনকৈ আত্মীয় ক্ৰমে আতোৱাৰ হুছেইন(২২) আৰু ছৰিফা খাতুন(১৫)ক সংকটজনক অৱস্থাত প্ৰথমে স্থানীয় চিকিৎসালয়ত আৰু তাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।