গোৱালপাৰাঃ ৰাজ্যৰ প্ৰায়বোৰ জিলাৰ দৰে গোৱালপাৰা জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগেও কৰ’নাতংকক লৈ সজাগ হোৱা দেখা গৈছে৷ প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে যিকোনো পৰিস্থিতি তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণৰ বাবে সাজু কৰি ৰাখিছে গোৱালপাৰা অসামৰিক চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰ৷ পৰ্যটকৰ লগতে চিকিৎসাধীন ৰোগীসকলৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিছে স্বাস্থ্য বিভাগে৷

সমগ্ৰ বিশ্বতে কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা স্বাস্থ্য বিভাগে স্বাস্থ্যকেন্দ্ৰসমূহত দুখনকৈ আছুতীয়া বিছনাৰ ব্যৱস্থা কৰা হৈছে৷ তাৎক্ষণিক ব্যৱস্থা ল’বলৈ সাজু হৈ আছে স্বাস্থ্য বিভাগৰ ১০ টা ৰেপিড ৰেচপন্স টীম৷ ইয়াৰোপৰি গোৱালপাৰা টাউন ৰেল ষ্টেচনত অতিৰিক্ত এটা টীমে বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীসকলক স্কেনৰ ব্যৱস্থা কৰিছে।

গ্ৰামাঞ্চলতো সজাগতা কাৰ্যসূচী

গাঁও অঞ্চলৰ জনসাধাৰণো কৰ’নাক লৈ যাতে সতৰ্ক হয় তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে৷ প্ৰতিখন ঠাইৰ আশা কৰ্মীসকলৰ জৰিয়তে সাৱধানতা অৱলম্বন তথা সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে জিলা স্বাস্থ্য বিভাগে৷

গোৱালপাৰা অসামৰিক চিকিৎসালয়তো ইতিমধ্যে ভেন্টিলেটৰ, আই চি ইউ কক্ষ আৰু ৬খন সুকীয়া বিছনাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নীলমাধৱ দাসে৷ "আমাৰ চিকিৎসালয় ষ্টাফৰ সকলোৱেই সম্পূৰ্ণৰূপে সাজু হৈ আছে৷ চিকিৎসালয় ভৰ্তি হৈ থকা প্ৰতিগৰাকী ৰোগীকে তীক্ষ্ণ দৃষ্টি ৰখা হৈছে।’-NNOৰ আগত এইদৰে কয় ডাঃ দাসে।

জাপানৰ পৰ্যটকক লৈ মাটিয়াত চাঞ্চল্য

জাপানৰ পৰা ভাৰত ভ্ৰমণলৈ অহা এগৰাকী পৰ্যটকক লৈ মঙলবাৰে গোৱালপাৰা জিলাৰ মাটিয়া অঞ্চলত কিছু সময়ৰ বাবে স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। অৱশ্যে একাংশ সচেতন লোকে লগে লগে বিষয়টো সম্পৰ্কে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ফুজিমট’ টা শ্বিকো নামৰ জাপানৰ পৰ্যটকগৰাকীক বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি মাটিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়৷ মাটিয়া আদৰ্শ চিকিৎসালয়ৰ বিষয়াগৰাকীয়ে জনোৱা মতে পৰ্যটকগৰাকীৰ গাত কৰ'নাৰ কোনোধৰণৰ লক্ষণ দেখা পোৱা হোৱা নাই আৰু তেওঁ সম্পূৰ্ণৰূপে সুস্থ৷ পৰ্যটকগৰাকীক অন্ততঃ পাঁচদিন চিকিৎসকৰ নিৰীক্ষণত ৰাখি যাবলৈ দিয়া হ'ব বুলি সংবাদ মাধ্যমক জনায় বিষয়াগৰাকীয়ে। 

আনহাতে কৰ'না ভাইৰাছ যাতে সংক্ৰমিত হ'ব নোৱাৰে তাৰ বাবে মাস্ক পৰিধান কৰি, ভালদৰে হাত-ভৰি ধুই, জনসমাগমৰ পৰা আতৰি থাকিবলৈ আৰু ৰাইজক কোনো কাৰণতে আতংকিত ন'হবলৈ আহ্বান জনাইছে গোৱালপাৰা অসামৰিক চিকৎসসালয়ৰ উপ অধীক্ষক ডাঃ অঞ্জনা দাসে৷ 'গোৱালপাৰা অসামৰিক চিকিৎসালয়ত  ২৪ ঘন্টাই চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ চিকিৎসক-নাৰ্ছ সাজু হৈ আছে। গোৱালপাৰাবাসীয়ে আতংকিত হোৱাৰ কাৰণ নাই।’- সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই ডাঃ অঞ্জনা দাসে কয়।