মুম্বাইঃ ভাৰতত এতিয়ালৈ কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৩ জনকৈ লোক। তৃতীয়জন লোকৰ যোৱা ১৭ মাৰ্চৰ পুৱা মুম্বাইত মৃত্যু ঘটে। ডুবাইৰ পৰা দেশলৈ ওভতা ৬৪ বৰ্ষীয় লোকজনে মুম্বাইৰ কস্তুৰবা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। সেইদিনাই দুপৰীয়াৰ ভাগত তেওঁৰ অন্তিম সৎকাৰ কৰা হয়। 

আইছ’লেশ্যন ৱাৰ্ডৰ পৰাই শেষ বিদায় পত্নী-পুত্ৰৰ

কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ৬৪ বৰ্ষীয় লোকজনৰ অন্তিম সৎকাৰত উপস্থিত থাকিব নোৱাৰিলে পত্নী আৰু পুত্ৰ। মুম্বাই মিৰৰ’ত প্ৰকাশিত বাতৰি অনুযায়ী শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতে লোকজনৰ শৱদেহ শিৱাজী পাৰ্কত থকা বৈদ্যুতিক শ্মশানগৃহলৈ লৈ যোৱা হয়। তাতেই তিনিজন কৰ্মচাৰীয়ে মাস্ক, চছমা আৰু গ্লভছ পৰিধান কৰি সাৱধানতাৰে লোকজনৰ সৎকাৰ কৰে। সৎকাৰৰ সময়ত মৃতকৰ পত্নী আৰু পুত্ৰক বাদ দি পৰিয়ালৰ আন ৬গৰাকী সদস্য উপস্থিত থাকে।

পত্নী আৰু পুত্ৰৰ দেহতো কৰ’না ভাইৰাছৰ পজিটিভ ধৰা পৰাৰ ফলতে তেওঁলোকে শেষকৃত্য অনুষ্ঠানত ভাগ লোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈ পৰে। পত্নী আৰু পুত্ৰই কস্তুৰবা হাস্পতালৰ আইছ’লেশ্যন ৱাৰ্ডৰ পৰাই লোকজনক শেষ বিদায় জনায়।

ডুবাইৰ পৰা উভতি মনে মনে আছিল লোকজন

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি মতে, কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ৬৪ বৰ্ষীয় লোকজন পেছাত এগৰাকী ব্যৱসায়ী আছিল। ব্যৱসায় সংক্ৰান্তীয় কামৰ বাবেই তেওঁ ২৫ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চৰ সময়ছোৱাত ডুবাইত আছিল? ভাৰতলৈ উভতি অহাৰ পিছতে তেওঁৰ তীৰকপে জ্বৰ উঠিছিল আৰু চৰ্দি হৈছিল। পৰিয়ালৰ লোকসকলে তিনিদিন ধৰি ফাৰ্মাচীৰ পৰা ক্ৰয় কৰি আনি সাধাৰণ ঔষধৰেই চিকিৎসা চলাই গৈছিল। কিন্তু জ্বৰ কমাৰ কোনো লক্ষণ নেদেখাত তেওঁক মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

তেতিয়ালৈকে পৰিয়ালৰ লোকসকলে লোকজনে ডুবাইৰ পৰা ভ্ৰমণ কৰি অহাৰ কথা কাকো অৱগত কৰা নাছিল। অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁলোকে চিকিৎসকসকলক কথাটো অৱগত কৰাত ১৩ মাৰ্চত কৰ’না ভাইৰাছৰ পৰীক্ষা কৰোৱা হয়। স্বাস্থ্য পৰীক্ষাত পজিটিভ ধৰা পৰাত লোকজনক ততালিকে কস্তুৰবা হাস্পতালত ভৰ্তি কৰোৱা হয়। 

পত্নী আৰু পুত্ৰৰ দেহতো কৰ’না ভাইৰাছ

লোকজনৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰাত তেওঁৰ পৰিয়ালৰ বাকী ৮জন সদস্যৰো কৰ’না ভাইৰাছৰ পৰীক্ষা কৰা হয়। সেই পৰীক্ষাত পত্নী আৰু পুত্ৰ কৰ’নাত আক্ৰান্ত হোৱাতো নিশ্চিত হৈ পৰে। সম্প্ৰতি লোকজনৰ পত্নী আৰু পুত্ৰকো একেখন চিকিৎসালয়তে আইছ’লেশ্যন ৱাৰ্ডত ৰাখি চিকিৎসা কৰি থকা হৈছে। 

চিকিৎসালয়ৰ সূত্ৰই স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে যোৱা ১৬ মাৰ্চত লোকজনৰ শাৰীৰিক অৱস্থাৰ কিছু উন্নতি ঘটিছিল যদিও পিছদিনা পুৱাই পুনৰ অৱনতি ঘটে। লোকজনৰ দেহত ৰক্ত চাপ, নিউমুনিয়া, হৃদযন্ত্ৰৰ মাংসপেশীৰ শিথিলতা আৰু আন একাধিক সমস্যা ধৰা পৰিছিল। চিকিৎসকলে সুস্থ কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও ১৭ মাৰ্চৰ পুৱাই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

প্লাষ্টিকৰ বেগত মৃতদেহ

শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতে বিশেষ সতৰ্কতাৰে প্লাষ্টিকৰ বেগত সুমুওৱা হৈছিল মৃতদেহ। প্লাষ্টিকেৰে মেৰিওৱা মৃতদেহতো আত্মীয়সকলে শেষ বিদায় জনাব পৰাকৈ ৰখা হৈছিল কাঁচৰ বাকচত। তাৰ পিছত দুপৰীয়া প্ৰায় ২ বজাত যথেষ্ট সাৱধানতাৰে শ্মশানলৈ নি সৎকাৰ কৰা হয়।