গুৱাহাটীঃ অসমীয়াৰ স্বাভিমানৰ সম্পদসমূহ বিদেশী পুজিপতিৰ হাতত পৰ্যটন বিভাগে চমজাই দিয়া হ’ব বুলি ঘোষণা কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন৷ কিছুদিন পূৰ্বে বলীউডৰ মোহময়ী অভিনেত্ৰী তথা অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়ংকা চোপ্ৰাই দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈ অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বিজ্ঞাপনৰ শ্বুটিং সমাপন কৰিছিল৷ 

প্ৰিয়ংকা চোপ্ৰাই বিজ্ঞাপনৰ কাম শেষ কৰি উভটাৰ পিছতেই পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই অসমৰ পৰ্যটন ক্ষেত্ৰসমূহ বিদেশী পুজিপতিক গোটোৱাৰ বিষয়ে এক বাতৰি প্ৰচাৰ হৈছিল৷ পৰ্যটন অধ্যক্ষগৰাকীৰ এনে বাতৰি প্ৰচাৰৰ পিছতেই পৰ্যটনস্থলীসমূহ ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ প্ৰতিবাদত ৰাজ্যৰ কেইবাটাও দল-সংগঠনে বিক্ষোভ প্ৰদৰ্শন কৰে৷ 

ইফালে দল-সংগঠনসমূহৰ বিক্ষোভ প্ৰদৰ্শনৰ পিছতেই পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই স্পষ্টীকৰণ দিয়ে যে অসমৰ পৰ্যটন ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডক অৰ্পণ কৰা নহয়, বৰং ব্যক্তিগত খণ্ডক চোৱাচিতাৰ দায়িত্ব অৰ্পণ কৰাৰ বিষয়েহে আলোচনা কৰা হৈছে৷

কিন্তু ইয়াৰ পিছতো ক্ষোভ কমা নাই জাতীয় দল-সংগঠনসমূহৰ৷ পৰ্যটনক্ষেত্ৰসমূহ ব্যক্তিগত কৰণৰ অধিকাৰ জয়ন্ত মল্ল বৰুৱাক কোনে দিলে বুলি প্ৰশ্ন উত্থাপন কৰি দল-সংগঠনসমূহে পৰ্যটন অধ্যক্ষগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে৷ 

ইফালে কাজিৰঙা, ৰংঘৰ, শিৱদৌল আদিৰ দৰে অসমৰ আপুৰুগীয়া ঐতিহাসিক সম্পদসমূহ ব্যক্তিগতকৰণ কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ৷ বৃহস্পতিবাৰে কৃষক নেতাগৰাকীয়ে এক সংবাদমেল আয়োজন কৰি ৰাজ্যৰ পৰ্যটন বিভাগে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷  

সংবাদমেলত অখিল গগৈয়ে অসমৰ ঐতিহাসিক সম্পদসমূহ বিদেশীকৰণৰ বিৰুদ্ধে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো অসমবাসীক একত্ৰিত হৈ ৭ মে’ত ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত অসমলৈ আহিবলগীয়া যুটীয়া সংসদীয় কমিটিক পৰ্যটন বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনায়৷ অখিল গগৈয়ে আনকি বিজেপি আৰু আৰএছএছকো পৰ্যটন বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে থিয় হৈ যুটীয়া সংসদীয় কমিটিক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনায়৷ 

আনহাতে অখিল গগৈয়ে অসমৰ থলুৱা ঐতিহ্য যেনে কাজিৰঙা, শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ আদি পৰ্যটনস্থলীসমূহ বিদেশীৰ হাতত অৰ্পণ কৰাৰ প্ৰতিবাদ জনাই শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কাজিৰঙাত প্ৰতিবাদী আন্দোলন ৰূপায়ণ কৰিব বুলিও ঘোষণা কৰে৷