কৰ’নাতংকৰ মাজতে কৃষক নেতা অখিল গগৈক আজি পুনৰ গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে৷ শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰৰ সময়ত অখিল গগৈয়ে কৃষক নেতা মুকুট ডেকাৰ হাতত এখন পত্ৰ  দি যায়৷ পইণ্ট পইণ্টকৈ লিখা পত্ৰখন NNOৰ পঢ়ুৱৈসকলৰ বাবে তলত আগবঢ়োৱা হ'ল।


"১।  সকলো অসমবাসীয়ে কৰ’না ভাইৰাছৰ বিৰুদ্ধে দিয়া "লকডাউন" মানি চলক। সামাজিক দূৰত্ব বজাই ৰাখক। এয়া মোৰ আহবান।

২। কোৱাৰেণ্টাইনলৈ ভয় কৰিব নালাগে "আই" বা "বসন্ত" ওলালে আমাৰ পৰিয়ালবোৰত সকলোৱে আমি দূৰত্ব বজাই ৰাখি এনেকৈ স্ব-নিৰ্বাসিত হৈ থাকো।

৩। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ মাজৰ প্ৰতিযোগিতাই "লকডাউন" সন্দৰ্ভত অসমবাসীক দ্বিধাগ্ৰস্ত কৰিছে। কোনেও কৰ’না ভাইৰাছ বিৰোধী প্ৰচাৰক নিজৰ দল বা হৃত গণভিত্তি বা ভাৱমূৰ্তি উদ্ধাৰ পথ হিচাপে ল'ব নালাগে। এয়া জনপ্ৰিয়তা অৰ্জনৰ সস্তীয়া পথ হ'ব নোৱাৰে।

৪। কৰ’না ভাইৰাছৰ বিৰুদ্ধে চৰকাৰী কাৰ্যসূচী ৰূপায়ণৰ বাবে কোনো অসম আৰু অসমীয়াৰ বিৰোধী "অসম হিতৈষী" হৈ উঠিব নোৱাৰে। জাতিদ্ৰোহী জাতিপ্ৰেমী হ'ব নোৱাৰে।

৫। ভয়ানক মহামাৰীৰ মাজত চাহ বাগিছা খুলিবলৈ দিয়াটো এটা জাতিৰ বিৰুদ্ধে ভয়ংকৰ অন্যায়। লকডাউনৰ সময়ত বাগিচা বন্ধ ৰাখক আৰু শ্ৰমিকক বন্ধৰ সময়তো নিয়মীয়াকৈ মজুৰি দিয়ক।

৬। কৃষকক কামলৈ ঠেলি দি এই ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কৃষক আৰু চাহ শ্ৰমিকক অতিমাৰীত জাহ যাবলৈ দি আনসকলক সুৰক্ষিত কৰি ৰখা সম্ভৱ নহ'ব। সকলো কৃষকক কৃষি কাৰ্যৰ বাবে ঘৰে ঘৰে গৈ ক্ষতিপূৰণ দিয়ক।

৭। "লক ডাউন" ভংগ কৰাটো মাৰাত্মক ভুল। কিন্তু ৰাজপথত জনগণক পুলিচে মাৰপিট কৰাটো অপৰাধ। ৰাইজক মাৰপিট কৰা আৰু অন্যান্য পাশৱীয় অত্যাচাৰ বন্ধ কৰক।

৮। ৰাজ্য চৰকাৰৰ ধনৰ অভাৱ নাই বুলি ওফাইদাং মাৰি থকা চৰকাৰখনে ৰাজ্যত অতিমাৰীৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰাৰ পূৰ্বেই অথাৰ্ৎ "ৱাৰ্ম আপ" পৰ্যায়তে চৰকাৰী কৰ্মচাৰীৰ ২০% পৰ্যন্ত দৰমহা কতৰ্নৰ (পিছত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিলেও) সিদ্ধান্ত ভুল। চৰকাৰে এই সিদ্ধান্ত স্থগিত কৰক আৰু প্ৰথমে তহবিলৰ ধন যথোপযুক্তধৰণে খৰচ কৰক। নিজা পুঁজিৰ অভাৱ হ'লেহে ৰাইজৰ পৰা ধন লওক৷

৯। ৰাইজে প্ৰথমে চৰকাৰক ধন দিয়াৰ পৰিৱৰ্তে "লকডাউন"ত ক্ষতিগ্ৰস্ত আৰু দুৰ্দশাগ্ৰস্তক প্ৰথমে সহায় কৰাটোহে অধিক উচিত হ'ব।

১০। মোৰ অনুৰোধ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু  জাতীয় সংগঠনে এই মহাবিপদৰ সময়ত দৰিদ্ৰ আৰু দুৰ্দশাগ্ৰস্তসকলক সহায় সহযোগিতা কৰক।

১১। মোক অন্যায়ভাৱে বাৰম্বাৰ গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰথমে যোৰহাট জেল, তাৰ পাছত ক্ৰমে দিল্লী "নিয়া ৰ মুখ্য কাৰ্যালয়, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, শিৱসাগৰ পুলিচ জিম্মা, শিৱসাগৰ জিলা কাৰাগাৰ আৰু আজি ডিব্ৰুগড় পুলিচৰ জিম্মাত। এনেকৈ মোক কৰ’না অতিমাৰীৰ মাজত চোঁচৰাই ফুৰাই মোৰ বিৰুদ্ধে ভয়ানক ষড়যন্ত্ৰ কৰা হৈছে।

১২। অসমৰ কাৰাগাৰসমূহ কৰ’না ভাইৰাছৰ বাবে আটাইতকৈ বিপদসংকুল (vulnerable) ঠাই। কাৰাগাৰত এজনে  আনজনৰ গাত গাত লাগি শূন্য দূৰত্বতে মজিয়াত কম্বল পাৰি শুব লাগে। নতুন নতুন কৰাবন্দী প্ৰতিদিনাই আনি থকা হৈছে। মই সৰ্তক কৰি দিলো, এবাৰ জেলত কৰ’না ভাইৰাছ প্ৰৱেশ কৰিলে হাজাৰ হাজাৰ মানুহ নিমিষতে শেষ হৈ যাব।

১৩। কৰ'না ভাইৰাছ বিৰোধী সংগ্ৰামৰ মাজতে অসমবাসী জাতিৰক্ষা সংগ্ৰামখন, 'কা' বিৰোধী সংগ্ৰামখন  নি:শেষ হ'বলৈ নিদিব। 

সকলোলৈকে শুভেচ্ছাৰেঃ

অখিল গগৈ, ১ এপ্ৰিল, শিৱসাগৰ কাৰাগাৰ"