newsnextone.com | গুৱাহাটীঃ ৩০ জুনত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ নোপোৱাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ আৰু এনআৰচি কৰ্তৃৃপক্ষৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে৷ দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিস্থিত কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদ মেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা তথা কৃষক নেতা অখিল গগৈয়ে বিজেপি, আৰএছএছ আৰু কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ চৰকাৰৰ ষড়যন্ত্ৰৰ ফলতে বানপানীৰ অজুহাত দেখুৱাই এনআৰচিৰ দিন পিছুৱাই দি সমগ্ৰ অসমীয়া জাতিৰ বিদেশী খেদাৰ সপোনক নস্যাৎ কৰিলে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে৷

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো এনআৰচিক বিজেপি আৰএছএছৰ চৰকাৰ খনে নানা কূট-কৌশলেৰে প্ৰভাৱিত কৰিব খুজিছে বুলি কয় অখিল গগৈয়ে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্থিতি অসমৰ ৰাইজক জনাবলৈ সংবাদ মেলৰ আয়োজন কৰা বুলি কৈ অখিল গগৈয়ে উচ্চতম ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশৰ পিছতো ৩০ জুনত এনআৰচি প্ৰকাশ নহ’ল বুলি ক্ষোভ ব্যক্ত কৰে৷ ৩০ জুনত এনআৰচি প্ৰকাশ নোহোৱাৰ ঘটনাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যে এনআৰচি প্ৰকাশত সদিচ্ছা নাই তাৰেই প্ৰমাণ কৰা বুলি কয় গগৈয়ে৷ 

অখিল গগৈয়ে আৰু কয় যে বিজেপি আৰু আৰএছএছে এনআৰচি নিবিচাৰে৷ বিজেপি আৰু আৰএছএচে কোনো পধ্যে বিচৰা নাই অসমবাসীয়ে জানে৷ উচ্চতম ন্যায়ালয়ত শুনানি হৈ থকা সময়ত এনআৰচি প্ৰকাশত বাধা দিছিল বিজেপিয়ে৷ কেন্দ্ৰীয় চৰকাৰে এনআৰচিৰ সময়সীমা বৃদ্ধি কৰিবলৈ যথেষ্ট শক্তি প্ৰয়োগ কৰিছিল৷ ৰাজ্য চৰকাৰে বাৰে বাৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি বাৰে বাৰে এনআৰচিৰ দিন পিছুৱাবলৈ হেচা প্ৰদান কৰিছিল৷ 

চৰকৰে বিভিন্ন ধৰণে চেষ্টা কৰিলেও উচ্চতম ন্যায়ালয়ে খচৰা প্ৰকাশৰ বাবে ৩০ জুন অন্তিম দিন ধাৰ্য কৰি দিছিল৷ দুৰ্ভাগ্যৰ কথা কিন্তু ৩০ জুন তাৰিখত এনআৰচি প্ৰকাশ ন’হল৷ বাধা ৰূপে দেখুৱালে বান পানী৷ বান পানীৰ বাবে এনআৰচিৰ কামৰ ক্ষতি হোৱা বুলি কলে৷ আমি অসমৰ সকলো মানুহেই জানো অসমত তেনে ডাঙৰ বান পানী হোৱা নাই৷ অসমৰ যদি কোনোবা ঠাইত বান পানী হৈছে সেয়া সমগ্ৰ অসমৰ ঘটনা নহয়৷ বৰাক উপত্যকাৰ কোনোবা এটা অংশত গোলাঘাট জিলাৰ কোনোবা এটা ঠাইৰ এটা অংশত বান পানী হৈছে৷ এনআৰচিৰ কামত বাধা প্ৰদান হোৱাকৈ অসমৰ কোনো ঠাইত বান পানী হোৱা নাই৷ তাৰ পিছতো বানপানীৰ অজুহাত দেখুৱাই পিছুৱাই দিলে৷ 

অখিল গগৈয়ে চৰকাৰ আৰু এনআৰচি কৰ্তৃপক্ষক প্ৰশ্ন কৰি অহা তিনি মাহ অসমত বানপানী হ’ব তাৰ মানে অহা তিনিমাহ এনআৰচি প্ৰকাশ নাপাবই নে বুলি কয়৷ এই প্ৰশ্নৰ উত্তৰ প্ৰতীক হাজেলাৰ হাতত আছে নে বুলিও কয় অখিলে৷ প্ৰকৃত কাৰণ বানপানী নহয়৷ ৩১ মে’ৰ ভিতৰত ফিল্ডৰ কাম সমাপ্ত হৈছিল৷ জুন মাহত আছিল পৰীক্ষণৰহে কাম৷ অখিলে কিমানটা সেৱা কেন্দ্ৰত পানী উঠিছিল বুলি প্ৰশ্ন উত্থাপন কৰে৷ অসমত কিমান সেৱা কেন্দ্ৰ আছে আৰু অসমত কিমানটা সেৱা কেন্দ্ৰত পানী উঠিছে বুলি উভতি ধৰে চৰকাৰ আৰু এনআৰচি কৰ্তৃপক্ষক৷ যদি কোনো সেৱা কেন্দ্ৰত পানী উঠিছিল সেই সেৱা কেন্দ্ৰক বাদ দি বাকী সেৱা কেন্দ্ৰৰ খচৰা প্ৰকাশ নকিৰলে কিয় বুলিও অখিলে প্ৰশ্ন উত্থাপন কৰে৷ পানী উঠা সেৱা কেন্দ্ৰ পৰা অইন এটা সেৱা কেন্দ্ৰলৈ কম্পিউটাৰ চিফ্ট কৰিব পৰা নগ’ল হেতেন নে বুলি কয় অখিলে৷

অখিলে পুনৰ চৰকাৰক উঙতি ধৰি কিমান কম্পিউটাৰ পানীত বেয়া হৈছে৷ কিমান ডকুমেণ্ট পানীত উটি গ’ল৷ এই প্ৰশ্ন উত্থাপন কৰি বান পানী হোৱা বুলি কোৱাটো এটা অজুহাতৰ বাহিৰে একো নহয় বুলি কয়৷ বান পানীৰ বাবে এনআৰচি পিছুওৱাৰ কাৰণ হ’ব নোৱাৰে বুলি কয়৷ অসম চৰকাৰে যদি বান পানীক ইমান ছিৰিয়াছলি লয়ে তেন্তে অসমত বানপানীৰ সমস্যাই নাথাকিল হেতেন বুলি কটুক্তি কৰে অখিলে৷ এনআৰচি পিছুৱাবলৈ অসম চৰকাৰে বান পানীক যিমান ছিৰিয়াছলি লৈছে সিমান ছিৰিয়াছলি অসমৰ বানপানী আৰু গৰাখহনীয়াক ললে বানপানীৰ সমস্যাই সমাধান হল হেতেন বুলি কয় অখিল গগৈয়ে৷ 

এনআৰচিৰ বাবে বানপানী ডাঙৰ ইচ্ছ্যু৷ যেতিয়া অসমৰ মানুহ বান পানীত উঠি-ভাহি যায়, ঘৰ-দুৱাৰ ভাঙি লৈ যায়, জীৱ-জন্তু উটুৱাই লৈ যায় তেতিয়া অসমৰ বানপানীক ইমান গুৰত্ব নিদিয়ে চৰকাৰে৷ বানপানী এটা অজুহাত বুলি কৈ অখিলে বাৰে বাৰে কৈ ইচ্ছাকৃত ভাৱে এনআৰচি প্ৰকাশৰ তাৰিখ পিছুৱাই দিয়া বুলি কয়৷ ইফালে উচ্চতম ন্যায়ালয়ৰ ভয়, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ হেচাত প্ৰতীক হাজেলাই চৰকাৰৰ পক্ষ গ্ৰহণ কৰিলে৷ প্ৰতীক হাজেলাই নিজৰ চাকৰি বচাবৰ বাবে উচ্চতম ন্যায়ালৰ পক্ষ গ্ৰহণ নকৰি, কেৰিয়াৰৰ স্বাৰ্থত বিভিন্ন অভিসন্ধি কৰি আৰএছএছ আৰু বিজেপিৰ কথা মতে এনআৰচিৰ প্ৰকাশৰ দিন পিছুৱাই দি সমগ্ৰ অসমীয়া জাতিটোৰ ভীষণ ক্ষতি কৰিলে৷

অখিলে এনআৰচি অসমীয়া জাতিৰ এটা স্বপ্ন বুলি কয়৷ ১৯১৫ চনৰ পৰা অসমত প্ৰৱজ্ৰনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হোৱা বুলি কৈ মানিক চন্দ্ৰ বৰুৱাই প্ৰথমে আসাম লেজিছলেটিভ কাউন্সিলত প্ৰথম প্ৰৱজ্ৰনৰ বিৰুদ্ধে মাত মাতিছিল৷ অসমৰ একমাত্ৰ কাকত টাইমছ অৱ আসামত সম্পাদকীয় লিখি প্ৰৱজ্ৰনৰ বিৰোধিতা কৰিছিল৷ আসাম এছোছিয়েচনে ১৯১৫ চনত ডিব্ৰুগড়ত অধিবেশন পাতি এই ৰাজনীতি আৰম্ভ কৰিছিল৷ 

১৯১৫ চনৰ পৰা অনুপ্ৰৱেশ তথা বিদেশী সমস্যাৰ বিৰুদ্ধ মাত মাতি আহিছে আৰু এই সমস্যাৰ একমাত্ৰ বিক্জ্ঞান সন্মত পথটো আছিল এনআৰচি৷ সমগ্ৰ অসমীয়া জাতিয়ে এটা সপোণ দেখিছিল৷ অসমীয়া জাতিৰ জাতীয় নায়কে অসমীয়া জাতিৰ বিদেশী খেদাৰ সপোনক নস্যাৎ কৰিলে৷ বিদেশীৰ বিৰুদ্ধে সমগ্ৰ জীৱন যুঁজি অহা সৰ্বানন্দ সোণোৱালে বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ, হিন্দু বাংলাদেশীক ৰক্ষণা-বেক্ষণ কৰিবলৈ আৰু এনআৰচিক লৈ এটা পাশাখেলৰ ৰাজনীতি কৰিবলৈ সোণোৱাল, গৃহমন্ত্ৰীয়ে এনআৰচিৰ কাম বাধাগ্ৰস্ত কৰিছে৷ উচ্চতম ন্যায়ালয়ত বাৰে বাৰে দিন বৃদ্ধি কৰিব খোজেতে উচ্চতম ন্যায়ালয়ে বাৰে বাৰে চৰকাৰক সাৱধান কৰি দিছিল৷ 

এনআৰচি প্ৰকাশ নোহোৱাত একাংশ লোকে কিয় এতিয়াও প্ৰতিমূৰ্তি জ্বলোৱাে নাই, প্ৰতিবাদ কৰা নাই বুলি কয় অখিলে৷ কোনো সংগঠনৰ নাম নোলোৱাকৈ একাংশ সংগঠনক উভতি ধৰে অখিলে৷ এনআৰচি কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে ষড়যন্ত্ৰ কৰি বন্ধ কৰাৰ পিছতো যিসকলে প্ৰকৃত এনআৰচিৰ দাবীদাৰ বুলি ভাৱে, কৃতীত্ব ল’ব খোজে তেওঁলোকে মাত মতা নাই সেয়াও এটা ৰহস্যজনক ঘটনা বুলি কয় অখিলে৷ এনআৰচিৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে চল-চাতুৰি কৰিছে৷ এই গোটেই প্ৰত্ৰিয়াটোত তথাকথিত জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল জৰিত হৈ আছে৷

আনহাতে সমগ্ৰ অসমত গণ সমাবেশ সমূহত হাজাৰ লোকে অংশ কৰি বুলি কয়৷ এই সমাবেশ দেখি বিজেপি আৰু আৰএছএছ কম্পমান হৈছে৷ চাৰিওফালে অখিল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছল৷ বিশেষকৈ ছ’ছিয়েল মিডিয়াত ষড়যন্ত্ৰ কৰা বুলি কয় অখিলে৷ বিধেয়ক, বিধি, আদেশ বাতিল কৰাৰ বাবে ৰাইজে অৱগত হোৱাৰ বাবে আৰএছএছ-বিজেপিৰ বিৰুদ্ধে ৰাইজ ওলাই অহা বুলি কয়৷ এতিয়াও অসমৰ বিভিন্ন ঠাইত সমাবেশ অনুষ্ঠিত হ’বলৈ বাকী থকা বুলি কয়৷

আৰএছএছ আৰু বিজেপিয়ে অসমীয়া জাতীৰ প্ৰকৃত চেতনাৰ প্ৰকাশ দেখিবলৈ বাকী আছে বুলি কয়৷ আমিও আজিও স্পষ্টকৈ কৈছোঁ বিদেশী ৰখাৰ এই বিধেয়ক আৰু নিৰ্দেশ অসমীয়া জাতিয়ে কেতিয়াও গ্ৰহণ নকৰে৷ অখিল গগৈয়ে বিজেপি আৰু আৰএছএছক আক্ৰমণ কৰি আৰএছএছক নিৰ্বাচন নেখেলা আত্মগোপনকাৰী সশস্ত্ৰ মৌলবাদী সংগঠন আখ্যা দিয়ে৷ যিদৰে আইএছআইএছ ইছলামীক মৌলবাদী সংগঠন বুলি ঘৃণা কৰো ঠিক একেদৰে আৰএছএছকো ঘৃণা কৰা উচিত বুলি কয় অখিল গগৈয়ে।