newsnextone.com | গুৱাহাটীঃ ৩০ জুনত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ নোপোৱাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ আৰু এনআৰচি কৰ্তৃৃপক্ষৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে৷ দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিস্থিত কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদ মেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা তথা কৃষক নেতা অখিল গগৈয়ে বিজেপি, আৰএছএছ আৰু কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ চৰকাৰৰ ষড়যন্ত্ৰৰ ফলতে বানপানীৰ অজুহাত দেখুৱাই এনআৰচিৰ দিন পিছুৱাই দি সমগ্ৰ অসমীয়া জাতিৰ বিদেশী খেদাৰ সপোনক নস্যাৎ কৰিলে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে৷
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো এনআৰচিক বিজেপি আৰএছএছৰ চৰকাৰ খনে নানা কূট-কৌশলেৰে প্ৰভাৱিত কৰিব খুজিছে বুলি কয় অখিল গগৈয়ে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্থিতি অসমৰ ৰাইজক জনাবলৈ সংবাদ মেলৰ আয়োজন কৰা বুলি কৈ অখিল গগৈয়ে উচ্চতম ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশৰ পিছতো ৩০ জুনত এনআৰচি প্ৰকাশ নহ’ল বুলি ক্ষোভ ব্যক্ত কৰে৷ ৩০ জুনত এনআৰচি প্ৰকাশ নোহোৱাৰ ঘটনাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যে এনআৰচি প্ৰকাশত সদিচ্ছা নাই তাৰেই প্ৰমাণ কৰা বুলি কয় গগৈয়ে৷