কোকৰাঝাৰঃ ৰাজ্যৰ বাহিৰত কৰ্মৰ সন্ধানত গৈ বহু হোজা লোক  সময়ে সময়ে নিৰ্যাতন হাৰাশাস্তিৰ সন্মুখীন হোৱাটো চিৰপৰিচিত ঘটনাত পৰিণত হৈছে যদিও কৰ্মৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ গৈ মানসিক চিকিৎসালয়ত এবছৰ কাল থকাটো অত্যন্ত কৰুণ ঘটনা বুলি বিবেচিত হৈছে। 

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত দৈবিনি নিৱাসী আখীলা কিস্কু। অতি দুখীয়া পৰিয়ালৰ আখীলা কিস্কুৰ মূৰৰ ওপৰত আকৌ ৩০ হাজাৰ টকাৰ ধাৰ। আখীলাৰ পিতৃয়ে ৩০ হাজাৰ টকা এগৰাকী স্থানীয় ব্যাক্তিৰ পৰা ধাৰ লৈ টকা ঘূৰাই নিদিয়াকৈয়ে ঢুকাই থকাত পিতৃ ঋণ পৰিশোধ কৰাৰ দায়িত্ব আখীলাৰ ওপৰতে পৰে।

পিতৃৰ ঋণৰ বোজা কেনেকৈ পৰিশোধ কৰিব তাকে লৈ চিন্তা কৰি থকাৰ সময়তে অহুকাণে-পহুকাণে আখীলাই বাংগালুৰুত অজস্ৰ চাকৰি আৰু তাত যি কোনো মানুহ গ'লেই চাকৰি পায় বুলি শুনাৰ পিছত তালৈ যাবলৈ মন মেলে। হাতত কেইটামান টকা লৈ আজিৰ পৰা এবছৰ পূৰ্বে আখীলা বাংগালুৰু এক্সপ্ৰেছত উঠে। বিশাখাপট্টনম ৰে'লৱে ষ্টেচন পোৱাৰ কিছু পূৰ্বে আখীলা এইবাৰ পকেটমাৰৰ কবলত পৰে।

মাজনিশা নানান চিন্তা লৈ সাধাৰণ দবাৰ দুৱাৰমুখত থিয় হৈ থকাৰ সময়তে পকেটমাৰে তেওঁৰ টকাখিনি হস্তগত কৰাত আখীলাই চিঞৰ-বাখৰ কৰে। আখীলাই চিঞৰাত পকেটমাৰৰ দলটোৱে আখীলাক গতা মাৰি চলন্ত ৰে'লৰ পৰা পেলাই দিয়ে। সৌভাগ্যক্ৰমে ৰে'লৰ গতি কম থকাৰ বাবে আখীলাই গুৰুতৰভাৱে আঘাত নাপালে যদিও দেহৰ কেবাঠাইৰ পৰা তেজ বাহিৰ হয়। ছিন্ন-ভিন্ন চোলা, দেহত আঘাতৰ চিন, তেজ লৈয়ে আখীলাই উদ্দেশ্যবিহীনভাৱে খোজ কাঢ়িবলৈ আৰম্ভ কৰে।

তেনেদৰেই খোজ কাঢ়ি কাঢ়ি ৰাতি পুৱাই যোৱাত আখীলাৰ ৰূপ দেখি এইবাৰ স্থানীয় জনতাই চোৰ বুলি ভাৱে আৰু কৰবাত ধৰা পৰি প্ৰহৃত হোৱা বুলি সন্দেহ কৰে। এই বিষয়ে আখীলাক স্থানীয় ৰাইজৰ একাংশই প্ৰশ্ন কৰাত আৰু আখীলাই হিন্দী নজনাৰ বাবে উত্তৰ দিব নোৱাৰাত স্থানীয় ৰাইজৰ সন্দেহ গাঢ় হয় আৰু প্ৰহাৰ কৰে।

স্থানীয় ৰাইজৰ একাংশই গণ প্ৰহাৰ আৰম্ভ কৰাত আখীলাই চাওতাল ভাষাতে চিঞৰি চিঞৰি নিজৰ অৱস্থাৰ কথা বুজাব বিচাৰে। অচিন ভাষা একোকে বুজি নাপাই স্থানীয় ৰাইজে সেইবাৰ আখীলাক মানসিক বিকাৰগ্ৰস্ত লোক বুলি আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়েও আখীলাক একো বাচ বিচাৰ নকৰাকৈ বিশাখাপট্টনমৰ এখন মানসিক চিকিৎসালয়ত ভৰ্তি কৰায়। 

মানসিক ৰোগী নোহোৱা সত্বেও আখীলা জেল সদৃশ মানসিক ৰোগৰ চিকিৎসালয়ত সুদীৰ্ঘ এবছৰ কটাবলগীয়াত পৰে। মুলত আখীলাৰ ভাষাৰ সমস্যাৰ বাবেই কৰ্তৃপক্ষও বিপাঙত পৰে। অৱশেষত চিকিৎসকৰ সন্মুখত আখীলাই নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়।

আখীলাই তেওঁৰ পত্নী, সন্তানৰ নাম, ঠিকনা আৰু তেওঁৰ ল'ৰাই পঢ়া বিদ্যালয়ৰ শিক্ষকগৰাকীৰ নাম চিকিৎসকৰ সন্মুখত অৱগত কৰাত বিশাখাপট্টনমৰ উক্ত মানসিক চিকিৎসালয়ৰ অধীক্ষক গৰাকীয়ে পূৰ্বৰ কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তথা বৰ্তমানৰ দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিৰ সৈতে যোগাযোগ কৰে।

আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে কোকৰাঝাৰ জিলাৰ বৰ্তমানৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ লগতে পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া অভিজিৎ গৌৰবক সমস্ত ঘটনা অৱগত কৰি পৰিয়ালৰটোৰ সন্ধান চলাবলৈ অনুৰোধ কৰে। সেইমতে মহকুমা আৰক্ষী বিষয়া অভিজিৎ গৌৰবে পৰ্বতঝোৰাৰ দৈবিনিত থকা পৰিয়ালটোৰ সন্ধান উলিয়াবলৈ সক্ষম হয়।

পৰিয়ালৰ নিশ্চিতিকৰণৰ বাবে আৰক্ষীয়ে আখীলাৰ সহধৰ্মিনীৰ আলোকচিত্ৰ উঠাই সেয়া বিশাখাপট্টমৰ মানসিক চিকিৎসালয়ৰ অধীক্ষক গৰাকীলৈ প্ৰেৰণ কৰে। অধীক্ষকগৰাকীয়ে সেই ফটো আখীলাত দেখুওৱাত আখীলা হুকহুকাই কান্দি উঠে আৰু সেয়াই তেওঁৰ মৰমৰ পত্নী বুলি চিনাক্ত কৰে।

ইফালে অধীক্ষকগৰাকীয়েও আখীলাৰ আলোকচিত্ৰ পঠাই দিয়াত আৰু সেই আলোকচিত্ৰ আৰক্ষীয়ে নি আখীলাৰ পত্নীক দেখুওৱাত একে অৱস্থাৰ সৃষ্টি হয়। আৰক্ষীয়ে পৰিচয়ক লৈ নিশ্চিত হোৱাত আখীলাক ঘূৰাই অনাৰ ব্যৱস্থা কৰে। সেইমতে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলি আখীলাৰ জ্যেষ্ঠ ভাতৃক বিশাখাপট্টমলৈ প্ৰেৰণ কৰি আৰক্ষীয়ে আখীলাক স্বগৃহলৈ উভতাই লৈ আহে। আখীলা ঘৰ আহি পোৱাৰ পিছতে পৰিয়ালৰ সকলো সদস্যৰ চকুৰ পৰা আনন্দাশ্ৰু নিগৰে। 

এসপ্তাহ পূৰ্বে ঘৰ আহি পোৱাৰ পিছত আখীলাই বিগত এবছৰ ধৰি মানসিক চিকিৎসালয়ত কেনেদৰে দিন পাৰ কৰিছিল বুলি সোধাত আশ্চৰ্য প্ৰকাশ কৰি কয় যে তেওঁ বিগত এবছৰ ধৰি জেলত থকা বুলিহে ভাবি আছিল। ঘটনাৰ পিছত আৰক্ষীয়ে মোক জেলত হে থৈ আহিছিল বুলি মন্তব্য প্ৰকাশ কৰি সেয়া যে মানসিক চিকিৎসালয় এতিয়াহে তেওঁ গম পালে বুলি সদৰী কৰে।

অৱশ্যে তেওঁ ভগবানৰ ওপৰত আস্থা ৰাখিছিল আৰু প্ৰতিদিনে নিশা পত্নী আৰু চাৰি সন্তানৰ কথা ভাৱি কান্দি কান্দি জেলৰ পৰা মুকলি কৰি দিবলৈ বাৰে বাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছিল বুলি সদৰী কৰে। তেওঁ আৰু কেতিয়াও অসমৰ বাহিৰলৈ কাম কৰিবলৈ নাযায় বুলিও মন্তব্য প্ৰকাশ  কৰিছে।