1
ডিজিটেল ডেস্কঃ সংবাদমেলত সাংবাদিকে প্ৰশ্ন সুধিব নোৱাৰিব দুই ৰাষ্ট্ৰনেতাক। কাইলৈ ৱাশ্বিংটনত অনুষ্ঠিতব্য সংবাদমেলত ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক প্ৰশ্ন কৰাৰ পৰা সংবাদ কৰ্মীক বাৰণ কৰিছে প্ৰশাসনে।
সম্প্ৰতি নিৰ্ণায়ক ভ্ৰমণসূচীৰে আমেৰিকাত পদাৰ্পণ কৰিছে মোদীয়ে। কাইলৈ তেওঁ ট্ৰাম্পৰ সৈতে হোৱাইট হাউছত আলোচনাত মিলিত হ’ব। গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে দুয়ো ৰাষ্ট্ৰনেতাই যৌথ সংবাদমেল সম্বোধন কৰিব।