newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যবাসীয়ে প্ৰবল জনমত গঢ়াৰ পিছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰ ৰাজ্য চৰকাৰে ৰাইজক জমনতক সন্মান দিব বিচৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ অসমীয়াৰ ভোট লৈ চৰকাৰ গঠন কৰা বিজেপি নেতা-কৰ্মীয়ে অসমৰ ৰাইজে নিবিচাৰা আইন গৃহিত কৰি অসমৰ জনগাঁথনিৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি চুবুৰীয়া দেশৰ হিন্দু শৰণাৰ্থীক দেশলৈ আনিব বিচাৰে৷
অসমৰ মানুহে অসমৰ বাবে এই আইন ভয়াবহ আৰু জাতিৰ বাবে অস্তিত্ব স্বৰূপ হৈ পৰিব বুলি কৈ প্ৰতিবাদ কৰি আহিছে৷ গণস্বাক্ষৰ, ধৰ্ণা, অৱস্থান, ৰাজহুৱা সভা, প্ৰতিকৃতি দাহ আদি কাৰ্যসূচী ৰূপায়ন কৰি প্ৰবল জনমত গঠন কৰিছে৷ তাৰ পিছতো বিজেপি চৰকাৰে আকোৰগোজ হৈ আইন খনক বৈধতা প্ৰদান কৰিব খোজে৷ এই আইনক খন বাতিলৰ দাবীত প্ৰবল জনমত গঢ়ি তোলা কৃষক নেতা অখিল গগৈয়ে যোৱা সময়চোৱাত তীব্ৰ আন্দোলন গঢ়ি তুলিছে৷