ডিজিটেল ডেস্কঃ ধৰ্মান্তৰিত হ’ল অভিনেত্ৰী অক্ষৰা হাছান। শেহতীয়া এক সাক্ষাৎকাৰত এই কথা সদৰী কৰিছে প্ৰখ্যাত তাৰকা দম্পতী কমল হাছান-ছাৰিকাৰ কন্যা অক্ষৰাই। কিন্তু কিয়? আৰু কি ধৰ্ম গ্ৰহণ কৰিলে কমল হাছান কন্যাই? এই লৈ বলীউডত দেখা গৈছে ব্যাপক চৰ্চা।
নিজ নিজ ধৰ্ম পালনৰ অধিকাৰ সকলোৰে আছে। যুগে যুগে ৰুচি অনুযায়ী মানুহে ধৰ্ম সলনি কৰি আহিছে। ধৰ্মান্তৰিত হোৱা মানুহৰ তালিকাত আছে বহু তাৰকাৰ নাম। শৰ্মিলা ঠাকুৰৰ পৰা আৰম্ভ কৰি একেবাৰে এ আৰ ৰেহমানলৈকে। আনকি বিখ্যাত পপ তাৰকা মাইকেল জেকছনেও সলনি কৰিছিল ধৰ্ম।