গুৱাহাটীঃ অসমৰ অন্যতম ভুমিপুত্ৰ চুতীয়ালোক সকলৰ ইতিহাস সমৃদ্ধ এক সংস্কৃতি আছে যদিও ৰাজনৈতিক কাৰণত চুতীয়ালোক সকলে অধিকাৰসমূহৰ পৰা বঞ্চিত৷ চুতীয়া সকলৰ নিজস্ব ইতিহাস আৰু অধিকাৰৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা চমুকৈ আকছু’ৰ উদ্যোগত গুৱাহাটীৰ ভি আই পি ৰোডত থকা সংগঠনটোৰ মূখ্য কাৰ্যালয় “সাধনী” ভৱনত ২২-২৪ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে এক সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অৰুপ বৰবৰাই উদ্বোধন কৰা এইলানি কৰ্মশালাত জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, সমাজকৰ্মী মৃণাল হাজৰিকা, প্ৰাঞ্জল ৰাজখনিকৰ উপস্থিত থাকে ৷