সম্প্ৰতি অসমত ডিজিটেল মিডিয়াৰ ক্ষেত্ৰখনত সংযোজন ঘটিছে একাধিক ন ন নিউজ পৰ্টেলৰ। বহু জ্যেষ্ঠ সাংবাদিকে প্ৰতিষ্ঠিত বাতৰি কাকত আৰু টিভি চেনেল এৰি নিউজ পৰ্টেললৈ ঢাপলি মেলিছে। একেদৰে মফচলীয় অঞ্চলসমূহতো অঞ্চলভিত্তিক একাধিক পৰ্টেল গঢ় লৈ উঠিছে। ছ’চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে এনে পৰ্টেলসমূহে নিমিষতে মানুহৰ মাজলৈ বা-বাতৰি আদি লৈ গৈছে। এই লৈ ভিন্নজন শংকিত হৈ পৰিছে। বহুতে নিউজ পৰ্টেলসমূহে অসমৰ সংবাদ ক্ষেত্ৰখনক কলুষিত কৰিব বুলিও দাবী কৰা দেখা গৈছে। একাংশ লোকে আকৌ নিউজ পৰ্টেলসমূহৰ বাতৰি প্ৰকাশ কৰাৰ অধিকাৰ নাই বুলিও প্ৰচাৰ কৰি ফুৰিছে। নিউজ পৰ্টেলৰ পঞ্জীয়ন আছে নে নাই সেই লৈও ভিন্নজনে ভিন্ন মন্তব্য কৰা দেখা গৈছে। কিন্তু প্ৰকৃত সত্য কি? নিউজ ৱেবছাইট বা নিউজ পৰ্টেলক লৈ ভাৰত চৰকাৰৰ আইনে কি কয়? এই সবিশেষ সামৰি লিখিছে সাংবাদিক ডি জে ধনন্তৰিয়ে।
