newsnextone.com| খেৰণিঃ কাৰ্বি আংলং ক্ৰীড়া সংস্থাৰ উদ্যোগত প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা সদৌ কাৰ্বি আংলং ইণ্টাৰ-চাব পুৰুষ ফুটবল প্ৰতিযোগিতাখন এইবাৰ ডংকামোকাম ক্ৰীড়া সংস্থা আৰু কলঙা ক্ৰীড়া সংস্থাৰ সহযোগত পশ্চিম কাৰ্বি আংলঙৰ কলঙা ক্ৰীড়া সংস্থাৰ খেল পথাৰত অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে যোৱা ৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত সমগ্ৰ কাৰ্বি আংলঙৰ মুঠ ৪৮ টা ক্ৰীড়া সংস্থাই যোগদান কৰে। বিপৰীতে ডংকামোকাম ক্ৰীড়া সংস্থা আৰু লাংহীন ক্ৰীড়া সংস্থাই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত উপনীত হৈ যোৱাকালি খেলত দুয়ো দলে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়ায়। 

দুয়ো দলে চাৰি সহস্ৰাধিক দৰ্শক তথা সমৰ্থকক এক আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰাৰ লগতে এক আলোড়ন সৃষ্টি কৰে চূড়ান্ত খেলখনৰ খেলুৱৈসকলে। চাৰি সহস্ৰাধিক দৰ্শক তথা ক্ৰীড়া অনুৰাগীৰে ভৰি থকা খেলপথাৰত দুয়ো দলে সুন্দৰ খেল প্ৰদৰ্শনেৰে বান্ধি দিয়া নিদিষ্ট সময়সীমা ৯০ মিনিটৰ ভিতৰত ২-১ গ'লৰ ব্যৱধানেৰে লাংহীন ক্ৰীড়া সংস্থা অৱশেষত বিজয়ী হয়। আনহাতে খেলখনৰ প্ৰথমাৰ্ধত দুয়ো দলে ১-১ গ'লেৰে ভাৰসাম্য ৰক্ষা কৰে যদিও খেলখনৰ দ্বিতীয়াৰ্ধত পুনৰ লাংহীনে ২ গল প্ৰদান কৰি ৩-১ গ'লৰ ব্যৱধানেৰে জয় লাভ কৰে৷

উল্লেখ্য যে ফুটবল প্ৰতিযোগিতাখনত আৰম্ভনিৰে পৰা ধাৰাবাহিকভাৱে এক সুন্দৰ খেল প্ৰদৰ্শন কৰি ৰমন ফাংছ' নামৰ ডংকামোকাম দলৰ খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনত সৰ্বশ্ৰেষ্ঠ খেলুৱৈ খিতাপ দখল কৰাৰ লগতে ডংকামোকামৰ চাকাৰি ইংতি নামৰ খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনত সৰ্বোচ্চ গ’ল প্ৰদান কৰা সৰ্বশ্ৰেষ্ঠ খেলুৱৈ খিতাপ দখল আৰু সৰ্বশ্ৰেষ্ঠ গ'লৰক্ষক হিচাপে লাংহীনৰ দেৱাশীষ বসুমতাৰীয়ে খিতাপ অৰ্জন কৰি দৰ্শকৰ মন আকৰ্ষিত কৰে।

অৱশেষত নগদ ২০০০০ টকাসহ বিজয়ী কাপ লাংহীনক প্ৰদান কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলক নগদ ১০০০০ টকাসহ কাপ প্ৰদান কৰে। কেইবাগৰাকী ৰেফাৰীৰ সহায়ত সম্পন্ন কৰা উল্লেখিত খেলখনত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ, পৰিষদীয় সদস্য ক্ৰমে মংগলচিং তিমুং, প্ৰভাত টাৰ' আৰু কাৰ্বি আংলং ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া সকল।