ঢেকিয়াজুলিঃ ৰাজ্যৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ বাতৰিয়ে ৰাজ্যৰ সচেতন নাগৰিকক চিন্তিত কৰি তুলিছে৷ এতিয়া নিতৌ সংঘটিত হ’ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ দৰে ঘটনা৷ সমাজখনত যুৱতী-কিশোৰী মহিলাসকল এতিয়া সুৰক্ষিত নহয়৷
নিজ ঘৰ খনৰ লগতে ঘৰৰ পৰা ওলালেই নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত পৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক কিয়৷ নাৰী এতিয়া পদে পদে লাঞ্চিত হ’ব লগা হৈছে৷ যোৱা কেইবাটাও দিনত বৰ্বৰ, পাশৱিক কাণ্ড সংঘটিত হৈছে অসমত৷ তাৰ মাজত এইবাৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে