‘আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ… এতিয়া আম্বেদকাৰ কোৱাটো ফেশ্বন হৈ পৰিছে। ইমানবাৰ ঈশ্বৰৰ নাম জপ কৰা হ’লে তেওঁলোকে স্বৰ্গ লাভ কৰিলেহেঁতেন…!’ -সংসদৰ মজিয়াত এয়া আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষ্য।
বিৰোধীক সমালোচনা কৰি সংবিধানৰ জনক বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰক লৈ এনেদৰে ৰাজ্যসভাৰ মজিয়াত গৃহমন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত অমিত শ্বাহে কৰা মন্তব্যই দেশত ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছে। তাকো এই মন্তব্য গৃহমন্ত্ৰীজনে কৰিছে সেই সময়ত, যেতিয়া সংবিধান গৃহীত হোৱাৰ ৭৫ বৰ্ষপূতি উদযাপন কৰি সদনৰ ভিতৰে বাহিৰে সংবিধান ৰক্ষাৰ দম্ভালি মাৰি ফুৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সৰু-বৰ নেতা-পালিনেতাই।