সেই সময়, আৰু এই সময়! পোছাকযোৰ একেই, চৰকাৰো একেই। এই সময়ছোৱাত হয়তো সলনি হৈছে পোছাকযোৰৰ আঁৰৰ মানুহ কেইজন, যিদৰে সলনি হৈছে চৰকাৰৰ সিংহাসনত বহি থকা মানুহজনৰ নাম আৰু চেহেৰা।
অসমৰ ‘কা’ বিৰোধী আন্দোলনৰ সময়ত জনতাক ভেটা দিবলৈ বুকুলৈ বন্দুক টোঁৱাই মহানগৰীৰ ৰাজপথত থিয় দিছিল অসম আৰক্ষী। সেই বন্দুকৰ গুলীয়াই প্ৰাণ কাঢ়িছিল নীৰিহ অসমীয়াৰ প্ৰাণ। এইবাৰ আকৌ তেনেদৰেই মহানগৰৰীৰ ৰাজপথত প্ৰতিবাদকাৰীক ভেটা দিলে আৰক্ষীয়ে। প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ শ্বেলৰ আঘাতত পুনৰ এবাৰ প্ৰাণ হেৰুৱালে নীৰিহ অসমীয়াই।