51
গুৱাহাটীঃ পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰো নীলাচলৰ বুকুত প্ৰতিষ্ঠিত কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ বাবে ইতিমধ্যে প্ৰশাসনৰ লগতে সাজু হৈ পৰিছে কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতিয়ো।
অহা ২২ জুনৰ নিশা ১বাজি ৪০ মিনিট ১৮ চেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হোৱাৰ লগে লগেই প্ৰচলিত পৰম্পৰা অনুযায়ী ২৩,২৪ আৰু ২৫জুনলৈ ভক্তৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দ্বাৰ।