চাংসাৰিঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আৰু সাংবাদিকসকল কিমান সুৰক্ষিত বাৰু? কিয় নিৰ্যাতিত সাংবাদিকে নাপায় ফাষ্টট্ৰেক আদালতৰ ন্যায়? ২০১৯ চনৰ ২৩ নবেম্বৰত আমিনগাঁৱৰ আজ্ঞাঠুৰিত সাংবাদিকৰ ওপৰত আক্ৰমণ সংঘটিত কৰা দলটোৰ দুজনক সুদীৰ্ঘ ৫ মাহৰ অন্তত আজি আৰক্ষীয়ে আটক কৰে। ধৃত আক্ৰমণকাৰী দুজন হৈছে ৰাহুল আলী আৰু জোন আলী।

উল্লেখ্য যে আমিনগাঁৱৰ আজ্ঞাঠুৰিত এজন শিশু শ্ৰমিক উদ্ধাৰৰ খবৰ সংগ্ৰহৰ বাবে যোৱাৰ সময়তে দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰিছিল উত্তৰ গুৱাহাটীৰ দুই সাংবাদিক ৰন্টু দাস আৰু ৰূপজ্যোতি বৈশ্যক। আৰক্ষী আৰু চাইল্ড লাইনৰ সমুখতে নিউজ ১৮ৰ সাংবাদিক ৰূপজ্যোতি বৈশ্য আৰু নিউজ পৰ্টেল 'চেনেল  ইষ্ট’ৰ সাংবাদিক ৰন্টু দাসক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল ৰাহুল আলী, নেকিব আলী আৰু জোন আলীসহ দুৰ্বৃত্তৰ  এটা দলে।

দুৰ্বৃত্তৰ চুৰিকাঘাটত তেজেৰে তুমুৰলি হৈছিল দুই সংবাদকৰ্মী। দুৰ্বৃত্তৰ কাঢ়ি নিছিল সাংবাদিক দুজনৰ কেমেৰা, মোবাইল ফোন আৰু সোণৰ চেইন। নিৰ্যাতিত সাংবাদিকদ্বয়ে উত্তৰ গুৱাহাটী আৰক্ষী থানাত ১৬৫/২০১৯ নম্বৰত এক গোচৰ তৰাৰ পিছৰে পৰা পলাতক হৈ আছিল দুৰ্বৃত্ত কেইজন।

গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰি বাৰে বাৰে নাকচ হোৱাৰ পিচত ৫ মাহৰ অন্তত আত্মগোপন কৰি থকা দুৰ্বৃত্ত ৰাহুল আলী আৰু জোন আলীক কামৰূপ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও এতিয়াও পলাতক হৈ আছে নেকিব আলীসহ আন বহুকেইজন। ভুক্তভোগী সাংবাদিক দুজনৰ লগতে কামৰূপ জিলাৰ সংবাদ মহলে শীঘ্ৰে বাকী অভিযুক্তসকলকো আটক কৰিবলৈ দাবী জনাইছে।