মৰিগাঁওঃ ৰাষ্ট্ৰীয় চটকান কাৰাটে প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি মৰিগাঁৱৰ বিশ্বজিৎ কলিতাই ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ ‘আন্তঃৰাষ্ট্ৰীয় চটকান কাৰাটে ডু ফেডাৰেচন ইণ্ডিয়া’ৰ উদ্যোগত পঞ্জাবৰ অমৃতসৰত ১ নবেম্বৰৰপৰা ৪ নবেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

উক্ত প্ৰতিযোগিতাত অংশ লোৱা অসমৰ দলটোৰ অন্যতম খেলুৱৈ বিশ্বজিৎ কলিতাই কুমিটেৰ ৮৪ কিল’গ্ৰাম শাখাত প্ৰথম স্থান অধিকাৰ কৰে। আনহাতে মৰিগাঁৱৰ বিভিন্ন দল-সংগঠনে এই সাফল্যৰ বাবে বিশ্বজিতক অভিনন্দন জনায়। উল্লেখযোগ্য যে সামাজিক কামত অাগৰণুৱা এই উদীয়মান খেলুৱৈজনে কলিতা সেনাৰ মৰিগাঁও জিলাৰ সহ: আহ্বায়ক হিচাপেও কাৰ্যনিবাহ কৰি আছে।