চাবুৱাঃ যোৱা ৮ অক্টোবৰত আমছুৰ ডিব্ৰুগড় জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। আমছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি তথা ডিব্ৰুগড়ৰ বিশিষ্ট সমাজ কৰ্মী ইমতিয়াজ অালীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সভাৰ উদেশ্য ব্যাখ্যা কৰে আমছুৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক অাব্দুল ৰছিদে।
সভাত চাউলখোৱা, বকুল আৰু ডিকম আঞ্চলিক সমিতিৰ সদস্য সকলক প্ৰশংসা পত্ৰ প্ৰদান কৰি কৃতজ্ঞতা জনাই আমছুৰ ডিব্ৰুগড় জিলা সমিতিয়ে। সভাত আমছুৰ ডিব্ৰুগড় জিলাৰ উপদেষ্টা ছফিৰ অালম খান, সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি যুগল বৰুৱা লগতে সাংবাদিক সুৰক্ষা মঞ্চৰ অসমৰ ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া উপস্থিত থাকে৷