Printer-friendly version

নতুন দিল্লীঃ বৰ্তমানে খুব চৰ্চিত বিশ্বকাপৰ কেইটামান দৃশ্যই সকলোতে বিয়পি পৰিছে৷ বয়সেও যেন তেওঁক বাধা দিব নোৱাৰে খেল চোৱাৰপৰা৷

বিশ্বকাপত ভাৰত–বাংলাদেশৰ মেচত বিৰাট কোহলীৰ দলে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ যি আনন্দ সেই আনন্দক স্বতঃস্ফূৰ্ত ৰূপত তুলি ধৰিছে এগৰাকী বয়োবৃদ্ধাৰ ক্ৰিকেট প্ৰেমীয়ে। 

বয়োবৃদ্ধাগৰাকীৰ ক্ৰিকেটক লৈ উৎসাহে ভাৰতসহ বিশ্বৰ অসংখ্য ক্ৰিকেট অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ ৮৭ বছৰীয়া চাৰুলতা পেটেলৰ এই উত্‍সাহ দেখি বৰ্তমান মুগ্ধ সমগ্ৰ বিশ্ব। 

ষ্টেডিয়ামত ভাৰতীয় দলক সমৰ্থন, আনন্দৰ নৃত্য, পেঁপা বজোৱা এই মহিলাগৰাকীৰ তৰুণ মনৰ প্ৰশংসাত সকলোফালে সিচৰিত হৈছে। খেলৰ মাজে মাজে কেমেৰাই বাৰে বাৰে ধৰা পেলালে চাৰুলতা পেটেলৰ এই আনন্দ। 

ভাৰতৰ এই প্ৰবীণ ক্ৰিকেট ভক্ত কম সময়ৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। ৰঙীণ স্কাৰ্ফ, হাতত হালধীয়া পেঁপা এহাতে আৰু জাতীয় পতাকা আনহাতে লৈ দেশৰ জয় উদযাপন কৰিলে চাৰুলতা পেটেলে। ভাৰতৰ এই প্ৰবীণ ক্ৰিকেট ভক্তগৰাকীয়ে দেশৰ অসংখ্য লোকৰ লগতে মন কাঢ়ি নিলে উদ্যোগপতি আনন্দ মহিন্দ্ৰাৰ। 

মহিন্দ্ৰা গোষ্ঠীৰ চেয়াৰমেনে ইতিমধ্যে চাৰুলতা পেটেলক স্পনচাৰ কৰাৰ কথা প্ৰকাশ কৰিছে।

টুইটাৰত আনন্দ মহিন্দ্ৰাই লিখিছে, শেষ অভাৰত যি যি নাটকীয়কতাৰ প্ৰয়োজন সকলো দেখা পালো, চাব্বাছ ভাৰত, এই খেল জিকোৱা মহিলাগৰাকী যেন ছেমিফাইনেল আৰু ফাইনেলতো থাকে, তেওঁক বিনামূলীয়া টিকট দিয়া হওঁক।