80
ইটানগৰঃ ৰবট তৈয়াৰ কৰি ভালপোৱা উত্তৰ-পূৰ্বাঞ্চলৰ এজন যুৱক। একাদশ শ্ৰেণীত পঢ়ি থকা এই যুৱকজনেই সাজি উলিয়াইছে অন্ধৰ বাবে লাখুটি সদৃশ এক অভিনৱ গেজেট। দৃষ্টিহীন লোকৰ জীৱন যাত্ৰা সূচল কৰি তোলাৰ বাবে অৰুণাচলৰ আনং তাদৰৰ এই বিশেষ চশমা।
গগ’ল ফৰ ব্লাইণ্ড চমুকৈ জি৪বি নাম দিয়া এই বিশেষ আহিলাবিধৰ জৰিয়তে দৃষ্টিহীন ব্যক্তিয়ে আশে-পাশে থকা বয়-বস্তু চিনাক্ত কৰিব পাৰিব। তাৰ বাবে কোনো শাৰীৰিক স্পৰ্শৰ প্ৰয়োজন নহ’ব।