ডিজিটেল ডেস্কঃ সফলতাৰ কোনো সংজ্ঞা নাই। দৰাচলতে সাফল্যও একপ্ৰকাৰৰ যাত্ৰা। কিন্তু এই যাত্ৰাৰ মহত্ত্বৰ উপলব্ধি কৰিব পাৰে কেৱল সফলজনেহে। সফলতাৰ সংজ্ঞা বিচাৰি কোনোজন আকৌ উদভ্ৰান্ত।

সময় বালিত খোজ পেলাই সফলতাৰ সংজ্ঞা নিজৰ ধৰণে লাভ কৰিছে  টেনিছ খেলুৱৈ এণ্ডি ৰড্ডিকে। জনাজাত তাৰকাজনে পেলাই দিছে ক্ৰীড়া জীৱনত লাভ কৰা আটাইবোৰ পদক।

এই  কথা প্ৰকাশ কৰিছে খেলুৱৈজনৰ পত্নীয়ে৷ ১২ বছৰীয়া কেৰিয়াৰত ৩২টা খিতাপ জয় কৰা খেলুৱৈজনৰ ওচৰত ইউ এছ এ ট্ৰফীৰ বাহিৰে নাই এটাও স্মাৰক ট্ৰফী৷ তাৰকাজনৰৰ ভাৰ্যা ব্ৰুকলিন ডেকৰ মতে তেওঁৰ অগোচৰেই এই কাম কৰিছিল এণ্ডি ৰড্ডিকে৷ খেলুৱৈগৰাকীয়ে পত্নীক অৱেশ্য পিছত জনাইছিল এই কাৰ্যৰ কাৰণ৷

বিশ্ব চেম্পিয়নজনৰ মতে ট্ৰফীয়ে কেতিয়াও সাফাল্যৰ সংজ্ঞা দিব নোৱাৰে৷ সেইবাবে ট্ৰফীসমূহ অপ্ৰয়োজনীয় বুলি ভাবিয়েই পেলাই দিছিল ৰড্ডিকে৷ ২০১২ চনত টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আমেৰিকান টেনিছ খেলুৱৈগৰাকীয়ে৷