সোৱণশিৰিৰ পাৰৰ ঘূণাসুঁতিয়ে দশক দশক ধৰি অসমীয়া পাঠকৰ বুকুত তুলি আহিছে শিহৰণ। এই ঘূণাসুঁতিতেই এদিন জংকিৰ প্ৰেমৰ বাবে জীৱন ত্যাগ কৰিছিল সাহিত্যিক ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ৰ নায়িকা পানৈয়ে। ঘূণাসুঁতিক লৈ আজিও অলেখ কাহিনী, অলেখ কবিতা আৰু গীত লেখকৰ কলমেৰে নিগৰে।
উত্তৰ লখিমপুৰ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ নিলগৰ সোৱণশিৰিৰ পাৰৰ এই গাঁওখনতে ঘৰ এগৰাকী মিছিং নাৰীৰ। নাম তেওঁৰ ৰিঞ্জুমণি টাইড মিলি। পেছাত তেওঁ এগৰাকী অংগনবাড়ী কৰ্মী, কিন্তু পৰিচয় তেওঁৰ সুকীয়া। সেউজীয়া ঘূণাসুঁতিক আৰু অধিক সেউজীয়া কৰি তোলাৰ বাবে এইগৰাকী মহিলাই গ্ৰহণ কৰা পদক্ষেপ আজি চৰ্চাৰ বিষয়।