62
মুম্বাইঃ দেশৰ অন্যতম ধনাঢ্য অনিল আম্বানীৰ কণিষ্ঠ পুত্ৰ ২৩ বছৰীয়া আনছুল আম্বানীয়ে পিতৃৰ ৰিলায়েন্স গ্ৰুপত মেনেজমেণ্ট ট্ৰেইনী হিচাপে যোগদান কৰিছে। এনেদৰে শিকাৰু হিচাপে যোগদান কৰা কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
কোম্পানীৰ এক বিজ্ঞপ্তিত প্ৰকাশ যে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ষ্টেৰ্ণ স্কুল অব বিজিনেছৰপৰা মেনেজমেণ্টত আণ্ডাৰগ্ৰেজুৱেট ডিগ্ৰী লাভ কৰাৰ পাছত আনছুলে ৰিলায়েন্স গ্ৰুপৰ ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকছাৰ কোম্পানীত ট্ৰেইনী হিচাপে যোগদান কৰিছে।