পাঞ্জাবাৰীঃ চিৰাঙৰ ডেভিদ ইছলাৰী আৰু লুকাচ নাৰ্জাৰীক সেনা আৰক্ষীয়ে ভুৱা সংঘৰ্ষত হত্যা কৰাৰ প্ৰতিবাদত আজি বড়ো ওমেনছ জাষ্টিচ ফ'ৰামে গুৱাহাটী মহানগৰীৰ লালুংগাঁৱস্থিত বড়ো সাহিত্য সভা ভৱনত এক সংবাদমেলৰ আয়োজন কৰে।

বড়ো ওমেনছ জাস্টিচ ফ'ৰামৰ সভানেত্ৰী অঞ্জলী দৈমাৰীয়ে সংবাদমেলত বিটিএডি এলেকাত পূৰ্বৰে পৰাই নিৰীহ ভূমিপুত্ৰ সকলক সেনা আৰক্ষীয়ে উগ্ৰপন্থী সজাই ভুৱা সংঘৰ্ষৰে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে।

প্ৰকৃতাৰ্থত সেনা-আৰক্ষীয়ে নিৰীহ লোকসকলক সম্পূৰ্ণ পৰিকল্পিতভাৱে শীতল মস্তিষ্কৰে হত্যা কৰি পৰৱৰ্তী পৰ্য্যায়ত সংঘৰ্ষত নিহত হোৱা বুলি ভূৱা বাতৰি সম্প্ৰচাৰ কৰি আহিছে বুলি সংবাদমেলত দাবী কৰে ফ'ৰামৰ নেত্ৰী দৈমাৰীয়ে।

অনাগত দিনত বিটিএডি এলেকাত এনেধৰণৰ পৰিকল্পিত ধাৰাবাহিক হত্যাকাণ্ড সংঘটিত নকৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে সংগঠনটোৱে। এনে ঘটনাৰ পুনৰাবৃত্তি হ'লে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও সংবাদমেলত সদৰী কৰে অঞ্জলী দৈমাৰীয়ে।