58
পাঞ্জাবাৰীঃ চিৰাঙৰ ডেভিদ ইছলাৰী আৰু লুকাচ নাৰ্জাৰীক সেনা আৰক্ষীয়ে ভুৱা সংঘৰ্ষত হত্যা কৰাৰ প্ৰতিবাদত আজি বড়ো ওমেনছ জাষ্টিচ ফ’ৰামে গুৱাহাটী মহানগৰীৰ লালুংগাঁৱস্থিত বড়ো সাহিত্য সভা ভৱনত এক সংবাদমেলৰ আয়োজন কৰে।
বড়ো ওমেনছ জাস্টিচ ফ’ৰামৰ সভানেত্ৰী অঞ্জলী দৈমাৰীয়ে সংবাদমেলত বিটিএডি এলেকাত পূৰ্বৰে পৰাই নিৰীহ ভূমিপুত্ৰ সকলক সেনা আৰক্ষীয়ে উগ্ৰপন্থী সজাই ভুৱা সংঘৰ্ষৰে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে।