গুৱাহাটীঃ অসমীয়া জাতিৰ আৱেগ-অনুভূতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সহ ৰাজ্যৰ ৪ ঐতিহাসিক ক্ষেত্ৰ ৰংঘৰ, কাৰেংঘৰ, শিৱদ’লক ভাৰত চৰকাৰে চোৱা চিতাৰ কৰাৰ দায়িত্ব জেটিআই গ্ৰুপ আৰু জাংগল ট্রেডার্চ ইণ্ডিয়াক দিয়াৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ ৰাইজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ব্যক্তিগত প্ৰতিষ্ঠান জেটিআই গ্ৰুপক কেন্দ্ৰীয় চৰকাৰৰ Adopt A Heritage আঁচনিৰ অধিনত অসমৰ ঐতিহাসিক ক্ষেত্ৰ সমূহ গতাই দিয়াৰ সিদ্ধান্ত আলোচনা পন্থী আলফা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আছু আদিয়ে তীব্ৰ বিৰোধিতা কৰিছে৷ 

এশিঙীয়া গঁড়ৰ আৱাসস্থলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল ব্যক্তিগত খণ্ডক কোনে কাৰণত গতাই দিয়াৰ সমৰ্থনত নাই বুলি দল-সংগঠনে স্পষ্ট কৰে৷ তাৰ মাজতে আলোচনাপন্থী আলফাৰ সম্পাদক অনুপ চেতিয়াই এক বিবৃতি যোগে চৰকাৰৰ এই সিদ্ধান্তক অসমীয়া জাতীয় স্বাভিমানৰ প্ৰতি চৰম অপমানজনক আখ্যা দিয়ে৷

এক বিবৃতিত যোগে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয় যে দেশৰ ৰাজহুৱা খণ্ডৰ তৈলক্ষেত্ৰ প্ৰতিষ্ঠান সমূহ এটা এটাকৈ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ পিছত এইবাৰ অসমৰ ঐতিহ্যমণ্ডিত সন্মান জড়িত হৈ থকা ৰংঘৰ কাৰেংঘৰ কজিৰঙা ব্যক্তিগত খণ্ডক গতাই দিবলৈ মোডী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক অসমীয়া জাতীয়  স্বাভিমানৰ প্ৰতি চৰম অপমানজনক বুলি অভিহিত কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে সংযুক্ত মুক্তি বাহিনী অসমে৷ এই সমূহক পৰ্যটন থলিয়ে নহয় ই এক জাতীয় বুৰঞ্জী আখ্যা দিয়ে চেতিয়াই৷

একেদৰে কাজিৰঙা অসমীয়া জাতিৰ গৌৰৱ৷ জাতি মাটিৰ ভেটিৰ কথা কোৱা আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ‘শৰাইঘাটৰ ৰণ’ত অৱতীৰ্ণ হোৱা 
মিত্ৰজোঁটৰ চৰকাৰখনে যদি ঐতিহ্য আৰু জাতীয় গৌৰৱক সুৰক্ষা দিবলৈ সক্ষম নহৈ ব্যক্তিগত কোম্পানীক ইয়াৰ সুৰক্ষাৰ দায়িত্ব চমজাই দিবলৈ বিচাৰে তেন্তে এই খন চৰকাৰৰ প্ৰয়োজনেই বা ক’ত বুলি প্ৰশ্ন উত্থাপন কৰে চেতিয়াই৷ 

এনে এখন চৰকাৰে অসমক সুৰক্ষিত দিব কেনেদৰে বুলি প্ৰশ্ন উত্থাপন কৰে৷ এনে জাতিদ্ৰোহী অসম বিৰোধী সিদ্ধান্ত তৎকালে প্ৰত্যাহাৰ কৰি সম্পদ সমূহৰ সুৰক্ষা আৰু উন্নয়ন বিকাশত মনোনিবেশ কৰিবলৈ আহ্বান জনাই অন্যথাই ৰাজ্যবাসীয়ে প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব বুলি কয় কয় চেতিয়াই৷