newsnextone.com | গুৱাহাটীঃ বক্তিগত হস্পিতালে ৰোগীৰ পৰিচৰ্যাৰ তথা শুশ্ৰূষা কৰাত কিমান গুৰুত্ব আৰোপ কৰে। সেই কথাৰ উত্তৰ বিচাৰিব লাগিলে গুৱাহাটী মহানগৰীৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ হস্পিতাললৈ গৈ ভিতৰ খণ্ডৰ পৰিস্থিতি পৰীক্ষা কৰিলেই প্ৰকৃত পৰিবেশ ওলাই পৰিব। ৰোগীৰ মৰ্যদা ৰক্ষা কৰাৰ পৰিৱৰ্তে কেৱল ধন ঘটাৰ ফন্দি পাতি ৰোগীৰ পৰিয়ালক হাৰাশাস্তি কৰি অহাৰ অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে।
তাৰ মাজতে গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত হস্পিতালত বিকট শব্দৰ বাবে ৰুগীয়া লোকে হাহাকাৰ কৰিব লগা হৈছে। ৰুগীয়া লোকৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে গুৱাহাটী মহানগৰীৰৰ মাজমজিয়াৰ এপল’ হস্পিতাল।