গুৱাহাটীঃ কথাৰেই নহয়, হাতে-কামেও কৰি দেখুৱাবলৈ উঠিপৰি লাগিছ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।সোমবাৰে কটন কলেজ ৰ পৰ্যালোচনা বৈঠকত একাধিক নতুন ঘোষণা কৰাৰ পিছত আজি
২১খন জিলাৰ ৩৬৮ গৰাকী অধ্যক্ষক একেলগে নিযুক্তি প্ৰদান কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে।
শংকৰদেৱ কলাক্ষত্ৰত আয়োজিত এক বিশেষ অনুষ্ঠানত শিক্ষা বিভাগৰ হৈ মন্ত্ৰীগৰাকীয়ে নিযুক্তি পত্ৰসমূহ প্ৰদান কৰে। নিযুক্তি পত্ৰ প্ৰদানৰ অন্তত মন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগে গ্ৰহণ কৰা বিভিন্ন পৰিকল্পনা সমূহৰ বিষয়ে সদৰী কৰে।