ৰাজ্য জোকাৰি যোৱা এপিএছচি কেলেংকাৰীৰ তদন্ত আয়োগে প্ৰতিবেদন দাখিল কৰাৰ তিনি বছৰ পিছত ৰাজহুৱা কৰা হ’ল তদন্ত প্ৰতিবেদন। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত সমিতিৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক মহলত পুনৰ এবাৰ সৃষ্টি হৈছে খলকনিৰ। এই প্ৰতিবেদনত এপিএছচি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাই পৰিছে প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰীৰ পৰা বৰ্তমানৰ বিধায়কলৈকে বহু জনৰ।
২০১৩ আৰু ২০১৪ চনৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ জৰিয়তে দুৰ্নীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল অসম লোকসেৱা আয়োগ। নিযুক্তিৰ নামত এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। এপিএছচিত ধনৰ বিনিময়ত চাকৰি বিক্ৰী হোৱাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত সমিতিৰ প্ৰতিবেদনত। তদন্ত সমিতিয়ে মন্তব্য কৰে যে এই সাংবিধানিক সংস্থাটোক “ব্যক্তিগত গিল্ড”লৈ ৰূপান্তৰিত কৰা হৈছিল, য’ত নিয়োগৰ মূল ভিত্তি যোগ্যতাৰ পৰিৱৰ্তে হৈ পৰিছিল উৎকোচ আৰু পৰিচিতি।