গুৱাহাটীঃ অসমীয়া জাতিক অস্বিত্বৰ সংকটত পেলাই বিজেপি নেতৃত্বৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে যোৱা দুটা বছৰে গণ আন্দোলন অব্যাহত আছে৷ তাৰ মাজতে অসমৰ এটা সংগঠনে হিন্দু বাংলাদেশী সংস্থাপনৰ চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন কৰা বুলি প্ৰচাৰ হোৱা খবৰে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

অসম সত্ৰ মহাসভাই হিন্দু বাংলাদেশী সংস্থাপনক সমৰ্থন কৰা বুলি আৰু যোৱা ১৭ এপ্ৰলিত সংসদীয় যুটীয়া সমিতিয়ে দিল্লীত অনুষ্ঠিত কৰা শুনানিত অসম সত্ৰ মহাসভাৰ প্ৰতিনিধি উপস্থিত থাকি বাংলাদেশী সংস্থাপনক সমৰ্থন কৰি বক্তব্য প্ৰকাশ কৰি বুলি খবৰ প্ৰচাৰ হয়৷ যোৱা দুদিন ধৰি এই ঘটনাৰ বিৰুদ্ধে বিভিন্ন পক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ দিল্লীত বাহৰ পাতি থকা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰে সত্ৰ মহাসভাক স্থিতি স্পষ্ট কৰাৰ দাবী জনায়৷

ছচিয়েল মিডিয়াত সক্ৰিয় লোকে তীব্ৰ সমালোচনা কৰে সত্ৰ মহাসভাক৷ তাৰ পিছতে সত্ৰ মহা সভাই স্পষ্টিকৰণ দি তেওঁলোকে কেতিয়াও হিন্দু বাংলাদেশী সংস্থাপনক 
সমৰ্থন নকৰো বুলি স্পষ্ট কৰি তেওলোকৰ কোনো প্ৰতিনিধি দিল্লীলৈ যোৱা নাছিল বুলি কয়৷ সংবাদ মাধ্যমত প্ৰকাশ কৰা বাতৰিক ভিত্তীহীন আখ্যা দিয়ে৷ বিদেশী সংস্থাপনৰ বিৰোধিতা কৰাৰ লগতে বিদেশীয়ে দখল কৰা সত্ৰ ভূমি বেদখল কৰাৰ হে দাবী জনায়৷

এতিয়া প্ৰশ্ন হয় যদি সত্ৰ মহাসভাই দিল্লীলৈ যোৱা নাছিল তেন্তে দিল্লীলৈ কোনো গৈছিল৷ দিল্লীত কোনো নিজকে সত্ৰ মহাসভাৰ লোক বুলি পৰিচয় দিছিল৷ এনে বহু প্ৰশ্ন উত্থাপন হৈ থকা সময়তে সত্ৰ মহা সভাৰ ভিতৰচৰাত তীব্ৰ জোকাৰণি আৰম্ভ হৈছে৷ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে একাংশ জিলা সমিতি আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে৷ ইতিমধ্যে সংগঠনটোৰ পৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অপূৰ্ব অধিকাৰীৰ পদত্যাগ কৰাৰ খবৰ ওলাইছে৷  
  
অপূৰ্ব অধিকাৰীয়ে ক্ষোভ প্ৰকাশ কৰি দিল্লীত সংসদীয় যুটীয়া সমিতিক প্ৰদান কৰা বক্তব্য কোনো কাৰণতে সত্ৰ মহাসভাৰ হ’ব নোৱাৰে বুলি কয়৷ সংগঠনটোৰ ভিতৰত তেনে কোনো ধৰণৰ কথা আলোচনা হোৱা নাই বুলি কয়৷ শীঘ্ৰে সত্ৰ মহাসভাৰ প্ৰধান নেতৃত্বক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কয়৷ এনে কাৰ্যক সমৰ্থন কৰিলে মহাসভাৰ পৰা বহু লোকে ওলাই আহিব বুলি কয়৷ ইমানে নহয় সভাপতি সম্পাদকে পদত্যাগ কৰিব লাগিব বুলি কৈ কোনো কাৰ্যনিৰ্বাহকত আলোচনা কৰা হোৱা নাই বুলি কয়৷

ইমানে নহয় অপূৰ্ব অধিকাৰীয়ে বুধবাৰে নিজৰ ফেচবুক টাইমলাইনত এটি পোষ্ট লিখি সকলো কথাৰ স্পষ্টিকৰণ দিয়ে৷ অপূৰ্ব অধিকাৰীয়ে পোষ্টটোত কয় ‘‘অসম সত্ৰ মহাসভা অসমৰ বৃহৎ জাতীয় সংগঠন। ৰাজ্যৰ আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক জাতীয় সংগঠনটোৰ সৈতে দীৰ্ঘ দিনৰ পৰাই জৰিত হৈ আছোঁ।

আজি ৰাতি পুৱাই সংগঠনটোৰ নাম সাঙুৰি একাংশ বাতৰি কাকত, ইলেকট্ৰনিক সংবাদ মাধ্যম, ছচিয়েল মিডিয়াত হিন্দু বাংলাদেশী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দভর্ত অসম সত্ৰ মহাসভাই জাতিদ্ৰোহী স্থিতি গ্ৰহণ কৰা বুলি প্ৰচাৰ চলোৱা দৃষ্টি গোচৰ হৈছে। সংগঠনটোৰ এগৰাকী সাধাৰণ সেৱক হিচাপে আৰু এজন সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰ হিচাপে এটা কথা স্পষ্ট কৰি দিব বিচাৰো যে সত্ৰ মহাসভা বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাণৰ অনুষ্ঠান।

সত্ৰ মহাসভাৰ কোনোবা বিষয়-ববীয়াই যদি সংগঠনটোৰ স্থিতি নিজাববীয়াকৈ প্ৰকাশ কৰিছে সেই সম্পৰ্কে আমি সত্ৰ মহাসভা জ্ঞাত নহয়। কাৰণ সত্ৰমহা সভাৰ আমি এজন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক। যদি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ সপক্ষে সমৰ্থন জনাইছে কোনোবাই সেই সম্পৰ্কে আমাৰ লগতে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ থকা সত্ৰ মহাভাৰ কেন্দ্ৰীয় সমিতিৰ কোনো সন্মানীয় বিষয়-ববীয়া জ্ঞাত নহয়।

ইতিমধ্যে সংগঠনটোৰ সভাপতি সত্ৰাধিকাৰ জিতেন্দ্ৰনাথ প্ৰধানী প্ৰভুৱে হিন্দু বাংলাদেশী সন্দভর্ত কোনো স্থিতি গ্ৰহণ কৰা হোৱা নাই বুলি জানিবলৈ দিছে। সদৌ অসম ছাত্র সন্থা বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় ছাত্র-যুৱ সংগঠন আৰু অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সিদ্ধান্তৰ সৈতে সত্ৰ মহাসভা সদায় থাকিব আৰু থাকিব লাগিবই। এই ক্ষেত্ৰত যদি তিল মানো ইফালে সিফাল হয় তেন্তে আমি এজন সাধাৰণ অসমীয়া যুৱক হিচাপে চূড়ান্ত বিৰোধিতা কৰিবলৈ সাজু আছোঁ।

এইখন গুৰু শংকৰ-মাধৱ, বীৰ চিলাৰায়, লাচিত চুকাফাৰ বৰ অসম। অসম সত্ৰ মহাসভা গুৰু শংকৰ-মাধৱৰ আদৰ্শ দৰ্শনেৰে অসমীয়া জাতিৰ মেৰুদণ্ড, জাতিৰ দাপোন সত্ৰ সমূহৰ এখন উমৈহতীয়া মঞ্চ। এই পৱিত্ৰ মঞ্চৰ কোনোবাই যদি এনেকুৱা জাতিদ্ৰোহী কামৰ সৈতে জড়িত হৈছে, নাইবা কোনোবা সত্ৰ মহাসভাক বেয়া পোৱা মানুহে সত্ৰ মহাসভাক জন মানসত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে, সেই সকলক তেনেকুৱা দুস্কাৰ্যৰ পৰা আতৰি আহিবলৈ বিনম্ৰ আহ্বান জনালোঁ।

অসম সত্ৰ মহাসভা অসমৰ জাতীয় অনুষ্ঠান, অসমীয়া সমাজৰ ওচৰত দায়বদ্ধ। নাগৰিকত্ব সংশোধনী বিলৰ জৰিয়তে যদি হিন্দু বাংলাদেশীসকলক আদৰণি জনাই অসমীয়া জাতিৰ জনমতৰ বিপক্ষে সত্ৰ মহাসভাই কাম কৰে তেন্তে এক ছেকেণ্ডৰ ভিতৰত আমাৰ লগতে সহস্ৰজনে সত্ৰ মহাসভাৰ মজিয়াৰ পৰা আতৰি আহিব। এই সম্পৰ্কে ইতিমধ্যে শতাধিক সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰ মহাসভাৰ সন্মানীয় বিষয়ববীয়া-সদস্য, আজীৱন সদস্যই আমাৰ সৈতে টেলিফোনিক বাৰ্তালাপত জানিবলৈ দিছে।

শ্ৰদ্ধাৰ অসমবাসী ৰাইজলৈ বিনম্ৰ আহ্বান সত্ৰ মহাসভা ৰাইজৰ অনুষ্ঠান। সত্ৰ মহাসভাই তেনেকুৱা জাতিদ্ৰোহী সিদ্ধান্তক সমৰ্থন নজনায়। আমি সত্ৰ মহাসভাৰ সেৱক হিচাপে ৰাইজক মুকুলি ভাৱে অৱগত কৰিছোঁ। লগতে সত্ৰ মহাসভাৰ বিপৰীতে চলোৱা অপপ্ৰচাৰ বন্ধ কৰিবলৈ অনুৰোধ জনালোঁ।’’