গুৱাহাটীঃ পৰেশ বৰুৱা এতিয়া চীনৰ পৰামৰ্শদাতা। পৰেশ বৰুৱাৰ পৰামৰ্শতে ভাৰত ভ্ৰমণলৈ আহিব চীনৰ এটি বৃহ९ কুটনীতিবিদৰ দল। এই অভিযোগ উত্থাপন কৰিছে অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই।
গুৱাহাটী প্ৰেছ ক্লাৱত আজি আয়োজিত এখনত সংবাদ মেলত শৰ্মাই কয় যে ব্ৰহ্মপুত্ৰ খননৰ দৰে ঐতিহাসিক চুক্তি স্বাক্ষৰিত হোৱাত শংকিত হৈ পৰা চীনে আশ্ৰয় লৈছে পৰেশ বৰুৱাৰ। উল্লেখ্য যে নমামি মহো९সৱৰ অন্তিম দিনা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত স্বাক্ষৰিত হয় ব্ৰক্ষপুত্ৰ খননৰ ঐতিহাসিক চুক্তি।