67
যোৰহাট/ডিব্ৰুগড়ঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজ, অসমে৷ সংগঠনটোৰ যোৰহাট জিলা সমিতিয়ে শুকুৰবাৰে দিনৰ ১২ বজাৰ পৰা টিয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।
সংগঠনটোৰ প্ৰায় অৰ্ধশতাধিক নেতা-ক্ৰমীয়ে টিয়ক আৰু মুদৈজান নৈৰ খননৰ নামত সংঘটিত ব্যাপক দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে৷