কোকৰাঝাৰঃ কোকৰাঝাৰৰ তিতাগুৰীস্থিত ভৱানীপুৰ খেলপথাৰত যোৱা ৫ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া খ্ৰীষ্টান সম্প্ৰদায়ৰ প্ৰাৰ্থনা আৰু আৰোগ্য শিবিৰৰ শুকুৰবাৰে নিশা অন্ত পৰে৷ অন্তিম কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত থাকি ভগৱান আছে বুলি মন্তব্য কৰি আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থী কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ী হ’ব বুলি দাবী কৰে। হাগ্ৰামাই কয় “অহাবাৰ এম পি ইলেকচনত কোকৰাঝাৰত বিপিএফ জয়ী হ’ব৷ মোৰ বিশ্বাস আছে, মই প্ৰাৰ্থনা কৰিছো৷ বেয়া কাম কৰিলে ইশ্বৰে চাব নোৱাৰে৷ ভাল কাম কৰিলে ইশ্বৰে সহায় কৰে৷ ইশ্বৰ আছে, ইশ্বৰৰ নাম লবয়ে মানুহে”৷
109
previous post