92
গুৱাহাটী: পুনৰ এবাৰ ৰাষ্ট্ৰীয় দৰবাৰত জিলিকি উঠিল অসমৰ স্বাভিমান । মঙলবাৰে ধিং এক্সপ্ৰেছ খ্যাত স্বৰ্ণকণ্যা হিমা দাসে পাট মুগাৰ সাজত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতৰ পৰা বিৰল সন্মান অৰ্জুন বঁটা গ্ৰহণ কৰি ইতিহাস ৰচনা কৰে ।
ইফালে, ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, শিৱ থাপা আৰু জয়ন্ত তালুকদাৰৰ পিছত অৰ্জুন বঁটা বিজয়ী পঞ্চম গৰাকী অসম সন্তান হিচাপেও চিহ্নিত হৈ পৰে হিমা দাস ।