লিডুঃ ভাৰতীয় সেনাই ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্মাণ কৰিলে পানী যোগান আঁচনি৷ সদ্ভাৱনা আঁচনিৰ ধনেৰে তিনিচুকীয়া জিলাৰ দুৰ্গম চিপে গাঁৱত ছাত্ৰ-ছাত্ৰীৰ বাবে পানী যোগান আঁচনি নিৰ্মাণ কৰে সেনাই৷
দেশৰ সীমান্তৰ দুৰ্গম এলেকাত ভাৰতীয় সেনাই বঞ্চিত-অৱহেলিত লোকসকলক সেনাৰ সদ্ভাৱনা আঁচনিৰ জৰিয়তে সহায় কৰি আহিছে৷ যাতায়াত, বিশুদ্ধ খোৱাপানী, মহিলাৰ উপাৰ্জনৰ সামগ্ৰা, পোহৰৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰীৰ স্কুল গৃহ, চাইকেল আস্থান, প্ৰস্ৰাৱগাৰ আদি নিৰ্মাণ কৰি সহায় কৰি আহিছে ভাৰতীয় সেনাই৷